মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা তিনিটা বিশেষ গঁড়ৰ প্ৰতিকৃতি

নিউজ ডেস্ক : আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ চিন্তন বৈঠক। কাজিৰঙা বৰগোছ ৰিজৰ্টত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব চিন্তন বৈঠক।
আজি আবেলি ৩.৩০ বজাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব কাজিৰঙাৰ মিহিমুখত নিৰ্মাণ কৰা তিনিটাকৈ গঁড়ৰ প্ৰতিকৃতি। ২০২১ চনৰ ২২ ছেপ্টেম্বৰত প্ৰশাসনে জ্বলাই দিয়া ২৪৭৯টা গঁড়ৰ খৰ্গৰ ছাইৰ সৈতে নিৰ্মাণ কৰা হৈছে গঁড়ৰ মূৰ্তিকেইটা।
১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
আনহাতে, ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি নহ’লেও আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব লগা চৰকাৰৰ চিন্তন বৈঠকৰ সময়ত উপস্থিত হোৱা অতিথিসকলক ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ দৰ্শনৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷