Local, Vocal, Global

Chief Minister Himanta Biswa Sharma in Majuli : মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মঙলবাৰে নিশা ৰাস উপভোগ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Himanta Biswa Sharma in Majuli) ।

মাজুলীত ৰাস উপভোগ কৰিবলৈ মঙলবাৰে হেলিকপ্টাৰেৰে সত্ৰনগৰী মাজুলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । গড়মূৰ কছাৰী মৈদানৰ অস্থায়ী হেলিপেডত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আজি দিনৰ ভাগত তিনিটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে(Work on Majuli bridge to progress substantially ahead of monsoons) ।

উল্লেখ্য যে, মাজুলীৰ বিভিন্ন স্থানত মঙলবাৰে নিশা ৰাসমঞ্চত ৰাসদৰ্শন কৰাৰ লগতে মুখ্যমন্ত্রী শৰ্মাই মঙলবাৰে দিনত মাজুলীৰ বিভিন্ন উন্নয়ন মূলক আঁচনি পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ লগত সাংসদ তপন গগৈ, প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকিব।

ইতিমধ্যে মুখ্যমন্ত্রী শৰ্মা মাজুলীত উপস্থিত হৈ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰাও দেখিবলৈ পোৱা যায়। শিশুসকলে কেনেদৰে গায়ন–বায়নৰ ভূমিকা পালন কৰাৰ পাছত ৰাসত ভাও ধৰিবলৈ সাজু হ’ব সেই বিষয়ে মুখ্যমন্ত্রী শৰ্মাৰ সৈতে কথা পাতে(Assam CM Assures Substantial Progress on Majuli Bridge Before Monsoons)।

জানিব পৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়মূৰ আৱৰ্ত্ত ভৱনত কিছু সময় কটাব আৰু নিশা ৮ বজাৰ পৰা শ্ৰীমন্ত কৃষ্টি সংঘ গড়মূৰ, মাজুলী মিলন সংঘ কমলাবাৰী, উত্তৰ কমলাবাৰী সত্ৰ, উজনি মাজুলী সন্মিলিত সাংস্কৃতিক মঞ্চ ২নং কুঁহিয়াৰবাৰী আদিকে ধৰি চাৰিখন মঞ্চত ৰাস উপভোগ কৰিব । তাৰ পিছত নিশা মাজুলীতে কটাই বুধবাৰে পুৱাই মাজুলীৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰীগৰাকী ।

লগতে পঢ়ক : Uttarkashi Tunnel Collapse Day 17 : ১৭ দিনৰ দিনাও অব্যাহত উত্তৰকাশীৰ সুৰংগৰ উদ্ধাৰ অভিযান