Local, Vocal, Global

ৰহাৰ নিলম্বিত কংগ্ৰেছী বিধায়কৰ ঘৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে দেওবাৰে পুৱা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ৰহাৰ জোঙাল বলহু গড়ৰ আঁচনি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বাসগৃহত ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে ৰাজ্যসভা নিৰ্বাচনত বিজেপি সমৰ্থিত প্ৰাৰ্থীক ভোটদান কৰিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে বিজেপি-অগপ মিত্ৰজোঁটৰ চৰকাৰক সমৰ্থন কৰি ইতিমধ্যেই কংগ্ৰেছ দলৰ পৰা নিলম্বিত হৈছিল কংগ্ৰেছী বিধায়ক শশীকান্ত দাস ।

মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণকালত সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱা ।