Manipur violence: মণিপুৰৰ হিংসাত্মক ঘটনাৰ ফলত ৰাজ্যখনৰ পৰ্যটন বিভাগ প্ৰভাৱিত হৈছে – মুখ্যমন্ত্ৰী এন বীৰেণ সিং
 
				নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ : অশান্ত মণিপুৰ ,শান্ত হোৱা নাই মণিপুৰ । অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা (Manipur violence) । প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে ৰাজ্যখন। শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হৈছিল সংঘৰ্ষ । এই সংঘৰ্ষই যেন এতিয়াও বন্ধ হোৱাৰ নাম লোৱা নাই। বিগত ৮ মাহ ধৰি অশান্ত হৈ আছে মণিপুৰৰ পৰিৱেশ ।
ৰাজ্যখনত শান্তি ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও চেষ্টা অব্যাহত ৰাখিছে যদিও ৰাজ্যখন ভিন্ন প্ৰান্ত হিংসাত্মক ঘটনা সংঘটিত হৈ থকাৰ বাতৰি প্ৰচাৰ হৈ আছে ৷
ইয়াৰ মাজতে সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰত এই ঘটনাই যথেষ্ট প্ৰভাৱ পেলাইছে বুলি সদৰী কৰে(Stop Violence, Start Peaceful Dialogue) ৷
এক সংবাদমেলযোগে মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আমি এই কথা অস্বীকাৰ কৰিব নোৱাৰো যে, এই হিংসাত্মক ঘটনাৰ ফলত ৰাজ্যখনৰ পৰ্যটন বিভাগ সামান্য পৰিমাণ হ’লেও প্ৰভাৱিত হৈছে। বিশেষকৈ দুখন জিলাৰ বাহিৰে ইম্ফল আৰু পাহাৰৰ অন্যান্য অঞ্চলত পৰিস্থিতি স্বাভাৱিক হৈ আছে যদিও ৰাজ্যখনৰ পৰ্যটন সামগ্ৰিকভাৱে ১০-২০ শতাংশলৈ হ্ৰাস পাইছে। হিংসাত্মক পৰিস্থিতিৰ সময়ত ইম্ফলত সুৰক্ষা বাহনসমূহ চলাচল কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। এই সকলোবোৰ আমাৰ মানুহ(Tourism is Affected in Manipur, Reduced to 10-20 pc: CM N Biren Singh) ৷
সকলোবোৰ ঠিক কৰিবলৈ আমাক কিছু সময় লাগিব ৷ আমি তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ ল’ব নোৱাৰো ৷ জিলাখনত লাহে লাহে, স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে। আমি জনসাধাৰণক আশ্বস্ত কৰিব লাগিব ৷”মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে “আমি হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময় 8 মাহ নহয়, 4/5 মাহহে ধৰিব লাগে ৷ কিয়নো ৰাজ্যখনত 4/5 মাহহে সংকটময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ সমস্যা সমাধানত সময় লাগে।
কিন্তু ইয়াৰ মাজতে, মই দেশৰ সকলো নাগৰিকক, বিশেষকৈ মণিপুৰৰ নাগৰিকসকলক হিংসা বন্ধ কৰি শান্তিপূৰ্ণ আলোচনাৰে সমাধান কৰিবলৈ অনুৰোধ জনাইছো। আমি একেলগে থাকিব লাগিব। আমি আশ্ৰয়হীন লোকসকলক নিজ নিজ ঠাইত পুনৰ সংস্থাপন দিব লাগিব। শিশুৱে বিদ্যালয়লৈ যাব লাগিব( Chief Minister Biren Singh appeals to people amid Manipur crisis) ৷”
উল্লেখ্য যে, ডিচেম্বৰ মাহৰ আৰম্ভণিতে, উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক জাতিগত হিংসাত ধ্বংস হোৱা উপাসনাস্থলীবোৰ পুনৰ নিৰ্মাণৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেই সন্দৰ্ভত আদালতৰ দ্বাৰা নিযুক্ত সমিতিক এক বিৱৰণ দিবলৈ নিৰ্দেশনা দিয়ে ৷
লগতে পঢ়ক : Guwahati AIR BNB Incident : নিশা হ’লে কি চলে মহানগৰীৰ একাংশ গেষ্ট হাউচত ?
 
						 
			