Miscreants set ablaze man in Tinsukia : তিনিচুকীয়াত উদ্ধাৰ অৰ্ধদগ্ধ মৃতদেহ
নিউজ ডেস্ক,১৫ এপ্ৰিল : তিনিচুকীয়াত উদ্ধাৰ অৰ্ধদগ্ধ মৃতদেহ(Man Set Ablaze in Tinsukia, Semi-Charred Body Recovered)।
জানিব পৰা মতে, তিনিচুকীয়া চহৰৰ সমীপৱৰ্তী কচুজানৰ শুকানপুখুৰী চাহ বাগিচাত এজন লোকৰ মৃতদেহ জ্বলি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ সোমবাৰৰ পুৱাই স্থানীয় ৰাইজে মৃতদেহটো দেখা পাই আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে অৰ্ধদগ্ধ মৃতদেহটো(Miscreants set ablaze man in Tinsukia) ৷
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও লোকজনৰ পৰিচয় বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই আৰক্ষী তথা স্থানীয় ৰাইজে ৷
সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলজুৰি ৷ বৰ্তমান ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে(Charred body of a man found in Assam tea garden) ৷