Local, Vocal, Global

Mass Murder in Jodhpur : একেটা পৰিয়ালৰ চাৰিজনৰ লোকক নৃশংস হত্যা

নেশ্যনেল ডেস্ক, ১৯জুলাই : দেশৰ পুনত হত্যাকাণ্ড। আন এক হত্যাকাণ্ডই জোকাৰি গল সমগ্ৰ দেশ । হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা দেশত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড । ৰাজস্থানৰ যোধপুৰ জিলাত সংঘটিত হৈছে আন এক জঘন্য হত্যাকাণ্ডৰ ঘটনা যিয়ে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰাজ্যখনত এটা পৰিয়ালৰ চাৰিজন লোকক নৃশংসভাৱে হত্য়া কৰি আৰু হত্য়াকাৰীয়ে মৃতদেহ কেইটা জ্বলাই দিয়ে(Mass Murder in Jodhpur) ।

উল্লেখ্য যে, বুধবাৰে পুৱাই এই নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহে । বুধবাৰে পুৱাৰ ভাগত চৌৰাই গাঁৱৰ এটা ঘৰৰ পৰা ধোঁৱা ওলোৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে । আৰু ইয়াৰ পিছতে স্থানীয় লোকে ঘৰলৈ গৈ এক ভয়ংকৰ ঘটনাৰ বিষয়ে অৱগত হয় । স্থানীয় লোকে এই ভয়ংকৰ ঘটনাৰ বিষয়ে আৰক্ষীক ক্ষীপ্ৰতাৰে অৱগত কৰে । আৰক্ষীয়ে এই শোকাৱক ঘটনাৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে( 4 Family Members Including 6Month Old Infant Killed Bodies Burnt) ।

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজস্থানৰ যোধপুৰ জিলাৰ একেটা পৰিয়ালৰ চাৰিজন লোক বিচনাত শুই থকাৰ অৱস্থাত নিৰ্মমভাৱে ভাৱে হত্যা কৰে । জানিব পৰা মতে ইয়াতে এটা ছমহীয়া কেঁচুৱো আছিল । আৰু হত্যাকাৰীয়ে নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰি মৃতদেহকেইটা জ্বলাই দিয়ে । ৬মহীয়া কেঁচুৱাটোৰ মৃতদেহ জ্বলি ছাই হৈ যোৱাৰ বিপৰীতে আন সকলোৰে মৃতদেহ আধা-পোৰা যায়।

জানিব পৰা মতে, মৃতদেহ কেইটা ইতিমধ্যে পৰিয়ালৰ মুৰব্বী পুনাৰাম বৈৰাদ (৫৫), পত্নী ভানৱৰী দেৱী (৫০), বোৱাৰী ধাপু (২৪) আৰু সাত মহীয়া নাতিনী বুলি চিনাক্ত কৰা হৈছে । এই ভয়ংকৰ ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে গ্ৰাম্য আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ সিং যাদৱ নিজেই ঘটনাস্থলীত উপস্থিত হয় লগতে যোধপুৰ জিলা উপায়ুক্ত হিমাংশু গুপ্তাও ঘটনাস্থলীত উপস্থিত হয় আৰু এফএছএলৰ এটা দল এই ভয়ংকৰ ঘটনাৰ তদন্ত কৰিবলৈ যোধপুৰৰ পৰা ঘটনাস্থলীলৈ ৰাওনা হয় (Charred bodies of four family members found in Rajasthan Jodhpur) ৷

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাৰত এই ঘটনা সংঘটিত হয়। খবৰ অনুসৰি অভিযুক্তই ঘৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে আৰু তাৰ পিছত সকলো মৃতদেহ একেলগে জুই লগাই দিয়ে। ফৰেনছিক দলৰ সৈতে আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে । বৰ্তমানলৈ হত্যাকাণ্ডৰ কাৰণ জানিব পৰা নাই ।

লগতে পঢ়ক : Bangalore Gang rape : বহিঃৰাজ্যত অসমৰ যুৱতীক ধৰ্ষ