Local, Vocal, Global

Charitra path to be compulsory in classes :সামাজিক মাধ্যম যোগে গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : সামাজিক মাধ্যম যোগে গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷

পুনৰ ৰাজ্যৰ শিক্ষা খণ্ডত অন্তৰ্ভুক্ত হ’ব নীতিশিক্ষাৰ পাঠ ৷ যিখন পাঠ্যপুথি পূৰ্বে ৰাজ্যৰ পঞ্চম, ষষ্ঠ আৰু সপ্তম শ্ৰেণীত বাধ্যতামূলক আছিল৷ সেই নীতিশিক্ষাৰ পাঠ ‘চৰিত্ৰ পাঠ’ পুনৰ অন্তৰ্ভুক্ত হ’ব ৰাজ্যৰ শিক্ষা খণ্ডত৷

এইবাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত ‘চৰিত্ৰ পাঠ’ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত(Charitra path to be compulsory in classes)৷

সমাজত দেখা দিয়া কেতবোৰ অশুভ কাৰক নাইকিয়া কৰাৰ লক্ষ্যৰে লগতে সমাজৰ উঠি অহা নতুন চামক এখন মানৱীয়, সুন্দৰ আৰু নিকা সমাজ গঢ়াৰ ক্ষেত্ৰত এনে পাঠ্যপুথিয়ে স্বাভাৱিকতে আদৰণীয় হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই নিশ্চয়কৈ সমাজত যথেষ্ট ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ৷

লগতে পঢ়ক :Road accident in Sivasagar: অচিনাক্ত বাহনে মহতিয়াই নিলে বাইক আৰোহীক;নিহত এজন,আহত এজন