১০ দিনৰ ভিতৰত দাখিল কৰিব বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱাৰ ঘটনাৰ অভিযোগপত্ৰ

নিউজ ডেস্ক, ১৯ জুলাই : অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক (DIG) সত্য ৰাজ নাৰায়ণে মঙলবাৰে কয় যে আৰক্ষীয়ে ১০ দিনৰ ভিতৰত বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱাৰ ঘটনাৰ অভিযোগপত্ৰ দাখিল কৰিব।
আজি নগাঁও আৰক্ষী সংৰক্ষিত অঞ্চলত আয়োজিত এখন সংবাদমেলত DIG হাজৰিকাই কৈছিল যে তদন্তকাৰী বিষয়াসকলে তিনিটা প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে যাৰ পিছত তেওঁলোকে অভিযোগপত্ৰ দাখিল কৰিব।
জ্যেষ্ঠ আৰক্ষী বিষয়াই উল্লেখ কৰে যে নগাঁৱৰ বটদ্ৰৱা আৰক্ষী থানাত জুই লগোৱা সম্পৰ্কীয় গোচৰটোৰ সম্পৰ্কত প্ৰায় ২৫ জন লোকৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছিল।
তেওঁলোকৰ ভিতৰত এতিয়ালৈকে ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এজনৰ মৃত্যু হৈছে বুলি DIG হাজৰিকাই জানিবলৈ দিয়ে।
অসম আৰক্ষীৰ DIGয়ে লগতে কয় যে অনাগত দিনত বটদ্ৰৱা আৰক্ষী থানাখন পৰিদৰ্শক পৰ্যায়ৰ আৰক্ষী থানালৈ উন্নীত কৰা হ’ব।
তদুপৰি, বটদ্ৰৱাত অগ্নি নিৰ্বাপক শাখাও স্থাপন কৰা হৈছে বুলি তেওঁ জানিব দিয়ে।
উল্লেখ্য যে ২১ মে’ত আৰক্ষীৰ জিম্মাত এজন গাওঁবাসী নিহত হোৱাৰ পিছত উত্তেজিত জনতাই আৰক্ষী থানাত জুই লগাই দিছিল আৰু কৰ্তব্যৰত দুজন আৰক্ষী বিষয়াকো আক্ৰমণ কৰিছিল।