Local, Vocal, Global

Charaideo Maidam : বিশ্ব দৰবাৰত চৰাইদেউ মৈদাম ক্ষেত্ৰক জিলিকাই তোলাৰ সপোন দিঠকৰ দিশে

নিউজ ডেস্ক, ৭অক্টোবৰ : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিব চৰাইদেউ জিলাৰ ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰখনে (Charaideo Maidam)।

অসমীয়াৰ সপোন দিঠকৰ দিশে। বিশ্ব দৰবাৰত চৰাইদেউ মৈদাম ক্ষেত্ৰক জিলিকাই তোলাৰ প্ৰয়াস যেন বাস্তৱত পৰিণত । আজি অৰ্থাত শনিবাৰে চৰাইদেউত উপস্থিত হ’ব ইউনেস্কৰ প্ৰতিনিধিৰ দল। শনিবাৰে বিয়লি ৩.৩০ বজাত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হ’ব ইউনেস্কৰ প্ৰতিনিধিৰ দলটো। দলটোত আছে বিশেষজ্ঞ লিম চিং চিয়াঙ ৷ এই খবৰে যেন চৰাইদেউবাসীৰ মাজত এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, ইউনেস্কৰ বিশেষজ্ঞ আগমনক লৈ আৰক্ষীয়ে কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা । ৯ অক্টোবৰলৈ বিশেষজ্ঞগৰাকীয়ে মৈদাম এলেকাৰ বিভিন্ন তথ্য, সমল সংগ্ৰহ কৰিব আৰু এই তথ্যৰ ভিত্তিতেই প্ৰতিবেদন দাখিল কৰিব দলটোৱে। প্ৰতিবেদনৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই অহা বছৰ মাজভাগত চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব ।

উল্লেখ্য যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ ভাৰতৰ একমাত্ৰ মনোনয়ন ক্ষেত্ৰত হিচাপে চৰাইদেউ মৈদামৰ নাম ইউনেস্কোলৈ প্ৰেৰণ কৰা হৈছিল । এই কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (UNESCO World Heritage Site) ৷ ৰাজ্যিক প্ৰত্নতত্ব বিভাগে প্ৰস্তুত কৰা ড’চিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা পিছত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই ড’চিয়াৰ প্ৰেৰণ কৰিছে ইউনেস্কোলৈ ।

চৰাইদেউ মৈডাম ক্ষেত্ৰখনক ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা চমুকৈ ইউনেস্কোৰ (UNESCO) বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মৈদাম ক্ষেত্ৰখন পৰিদৰ্শন কৰিছিল কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান জাহ্নৱীজ শৰ্মাই (Janhwij Sharma ADG of Archeological Survey of India)আৰু চৰাইদেউ জিলাৰ ঐতিহাসিক মৈদাম ক্ষেত্ৰত উপস্থিত হৈ বিষয়াগৰাকীয়ে মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে ইউনেস্কোলৈ প্ৰেৰণ কৰা ড’চিয়াৰ সন্দৰ্ভত পৰ্যালোচনা কৰিছিল ৷

লগতে পঢ়ক :Health Benefits of Jaggery : গুৰৰ প্ৰয়োগ আৰু ইয়াৰ সুবিধাৰ বিষয়ে জানেনে আপুনি ?