WATCH | Charaideo Gang Rape Case:চৰাইদেউৰ মথুৰাপুৰত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ

সোণাৰি,২৮মে’ : চৰাইদেউৰ মথুৰাপুৰত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ। চৰাইদেউ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে সোণাৰিত।
অভিযোগ অনুসৰি, মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ’লবাগানত বিগত বৰ্ষৰ ৬ নৱেম্বৰত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল চাৰি পাষণ্ডই। এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি ঘটনা সন্দৰ্ভত মুখ খুলিলে নাবালিকাৰ ভয়াবহ পৰিণতি হোৱাৰ উপৰিও ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিয়া হ’ব বুলি ভাবুকি প্ৰদান কৰে । ভুক্তভুগী নাবালিকাই মনে মনে আছিল যদিও পৰৱৰ্তীকালত ভিডিঅ’টো ফাদিল হৈ যোৱাত নাবালিকাৰ পৰিয়ালে ২৭ মে’ তাৰিখে মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে(Charaideo Gang Rape Case)।
এই এজাহাৰৰ ভিত্তিত মথুৰাপুৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ৭০(২)/৩৫১(২)/৩(৫) ধাৰাসহ ১৬/২০২৫ নম্বৰত POCSO গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায় ইতিমধ্যে তিনিজনক গ্ৰেপ্তাৰ কৰা লগতে আনজন অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : WATCH | Ripun Bora: গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ৰিপুণ বৰাক জেৰা চলাব SITএ