Watch | Charaideo Bihu team all set for Rongali Bihu: ৰঙালী বিহুৰ বাবে সাজু চৰাইদেউ বিহু দল

চৰাইদেউ : অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াকেলৈ এতিয়া ৰাজ্যখনৰ ইমূৰৰ পৰা হিমুৰলৈ ব্যপক উৎসাহ উদ্দীপনা পতিলক্ষিত হৈছে। অসমৰ বিভিন্ন ঠাইৰ আগশাৰীৰ হুঁচৰি দল সমূহৰ লগতে গ্ৰাম্যাঞ্চলৰ যুৱক যুৱতী আৰু চেমনীয়া সকলে হুঁচৰি আৰু জেং বিহুৰ আখৰা চলাই থকা পৰিলক্ষিত হৈছে। এ
পিছ পৰি থকা নাই চৰাইদেউ জিলাৰ বিহুৱা বিহুৱতী সকল। অসমৰ এটা আগশাৰীৰ হুঁচৰি দল চৰাইদেউ বিহু দলেও ৰাজ্যখনৰ বিভিন্ন ঠাইৰ বিহু মঞ্চ সমূহত প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।
বৰ বিহুৱা প্ৰয়াত ফিৰোজ কোঁৱৰৰ প্ৰচেষ্টাত আজিৰ পৰা প্ৰায় ৩০ বছৰ পূৰ্বে গঠিত হোৱা আৰু ২০০৮ চনৰ পৰা সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা পৰিচালিত হৈ থকা দলটোৰ সদস্য সকলে বিগত প্ৰায় এমাহ দিন ধৰি সোণাৰিৰ হাজি অচিমুদ্দিন মেমৰিয়েল একাডেমিত বাঁহৰ পাতি আখৰা চলা আহিছে। বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত দলটো সম্পূৰ্ণ সাজু হৈ উঠিছে বুলি উদ্যোগতা সকলে জানিব দিছে।