Local, Vocal, Global

Chapar protest: চাপৰৰ চৈবাৰী আকলুলাইনত আছা আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ

চাপৰ,২৪অক্টোবৰ : চাপৰৰ চৈবাৰী আকলুলাইনত আছা আৰু স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।

যাতায়তৰ সুচল ব্যৱস্থাৰ দাবীত উত্তাল প্ৰতিবাদ শ শ লোকৰ।

চৈবাৰী ঢোলমাৰা সংযোগী পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি যমৰ যাতনাত ভুগিছে স্থানীয় ৰাইজ। ফলত উপায়ন্তৰ হৈ ধুবুৰী জিলাৰ চাপৰৰ চৈবাৰী আকলুলাইনত পকীপথ নিৰ্মাণৰ দাবীত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ধুবুৰী জিলা আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ(Chapar protest)।

চৈবাৰী ঢোলমাৰা সংযোগী পথছোৱা পকীকৰণৰ দাবী জনাই আহিছিল যদিও পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধিয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি সোনকালেই এই পথছোৱা নিৰ্মাণ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনায় আছায়।

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পথছোৱা পকীকৰণ নকৰিলে পঞ্চায়ত ভোট সমূহীয়াভাৱে বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে আছায়।

লগতে পঢ়ক :Road Accident in Nagaon: প্ৰাতঃভ্ৰমণ লৈ যোৱা লোকক মহতিয়াই নিলে ট্ৰাকে