WATCH |Chapar News: চাপৰৰ আৰেয়াৰঝাৰত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
চাপৰ,১৯ফেব্ৰুৱাৰী: চাপৰৰ আৰেয়াৰঝাৰত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ।
নিৰ্মাণৰ ১ মাহ নহওঁতেই চপোৰা চপৰে খহিছে পথটো।
পথটোৰ পুনৰ নিৰ্মাণৰ কাম লাভ কৰে বিলাসীপাৰাৰ ঠিকাদাৰ ইউছুফে।
নিম্ন মানদণ্ডৰ কাম কৰাৰ অভিযোগ বিলাসীপাৰাৰ ঠিকাদাৰ ইউছুফৰ বিৰুদ্ধে(Chapar News)।
যাৰ বাবে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে।
উল্লেখযোগ্য যে বিলাসীপাৰা লোক নিৰ্মাণ বিভাগৰ অধীনস্থ চাপৰৰ আৰেয়াঝাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেতবাৰীলৈ যোৱা পথটোৰ পুনৰ নিৰ্মাণৰ কাম সমাধান কৰে।
কিন্তু দুৰ্ভাগ্যৰ বিষয় কাম সম্পূৰ্ণ কৰাৰ এক মাহ নহওঁতেই এতিয়া জহি সহি যোৱা আৰম্ভ কৰিছে পথটোৰ।
যাৰ ফলত এতিয়া পথটো আগৰ দৰে হোৱাৰ উপক্ৰম হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
আনফালে জানিব পৰা মতে এইজন ঠিকাদাৰ ইউছুফে আৰু বহু কেইটা পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছে আৰু ইতিমধ্যে কাম আৰম্ভ কৰিছে।
ৰাইজৰ দাবী যে নিম্ন মানদণ্ডৰ কাম কৰা ঠিকাদাৰ ইউছুফৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষই তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে।
লগতে পঢ়ক:WATCH | APSC Scam : “APSC কেলেংকাৰীৰ মূল খলনায়ক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা” : অখিল গগৈ