Watch | Chapar news: চাপৰৰ আৰেয়াৰঝাৰ ৰাস মন্দিৰ প্ৰাংগনত অনুষ্ঠিত ‘থিয়’ আখৰা
চাপৰ : চাপৰৰ আৰেয়াৰঝাৰ ৰাস মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় থিয় নামৰ আখৰা। নামনি অসমত প্ৰচলিত গুৰুজনাৰ সৃষ্টিৰাজি থিয় নামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ এই আখৰাৰ প্ৰস্তুতি। হাউলি ৰাস মহোৎসৱত উদ্যোগত পাঁচ হাজাৰ মহিলাই Assam Book Record ত অভিলেখ গঢ়াৰ চেষ্টাৰে প্ৰদৰ্শন কৰিব থিয় নামৰ। ৰাজ্যৰ ভিন ভিন প্ৰান্তত ইতিমধ্যে থিয় নামৰ আখৰা সম্পূৰ্ণ কৰিছে। সকলো মহিলাক একগোট কৰি এটা লয়েৰে থিয় নাম প্ৰদৰ্শন কৰাৰ উদ্দেশ্যেৰে আখৰা কৰাৰ কথা উল্লেখ কৰে।
উল্লেখ্য যে বিহু, ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত চিনাকি কৰাৰ দৰে নামনি অসমত বিশেষ ভাৱে প্ৰচলিত থিয় নামকো বিশ্ব দৰবাৰত চিনাকি কৰাৰ চেষ্টা হাউলি ৰাস মহোৎসৱৰ।
লগতে পঢ়ক :Watch | Women missing in Rangapara: ৰঙাপৰাত তিনি সন্তানৰ মাতৃ নিৰুদ্দেশ