Watch | Chapar news: কোচ ৰাজবংশী লোক সকলৰ বিশেষ বাঁশ পূজা তথা বাঁহ পূজা
চাপৰ : কোচ ৰাজবংশী লোক সকলৰ এখন বিশেষ পূজা, বাঁশ পূজা তথা বাঁহ পূজা। কৃষি ভিত্তিক এই পূজা ভাগ অতীজৰে পৰা অনুষ্ঠিত কৰি আহিছে কোচ ৰাজবংশী লোক সকল। বিশেষকৈ নামনি অসমৰ বিভিন্ন প্ৰান্তত অতি উলহ মালহৰে উদযাপন হয় এই বাঁহ পূজা। এই দৃশ্য চাপৰৰ বাৰুণীতৰা গাঁৱৰ।
বাৰুণীতৰা কালি মন্দিৰৰ প্ৰাংগণত চাৰিদিনীয়া কাৰ্যসূচীৰে মা কালী দেৱীৰ শ্ৰীচৰণত ভক্তি কৰণাৰ্থে অনুষ্ঠিত হয় এই বাঁহ পূজা। উক্ত পূজা ভাগত অংশগ্ৰহণ কৰিবলৈ দূৰ দূৰণীৰ পৰা আহে ভক্তপ্ৰাণ ৰাইজ।
বিশ্বাস অনুসৰি পূজা ভাগত অংশগ্ৰহণ কৰি মা’ৰ আশীষ গ্ৰহণ কৰিলে পূৰণ হয় মনোবাঞ্ছা। যুগ যুগান্তৰ ধৰি কোচ ৰাজবংশী জনগোষ্ঠী লোক সকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই পূজা।
চাপৰৰ বাৰুণীতৰা গাঁৱৰ এই পূজাত বলি বিধান প্ৰথা চলি আহিছে অতিজৰে পৰা। বিভিন্ন জনে বিভিন্ন কামনা লৈ বলি দিয়ে হাঁহ, কুকুৰা,পাৰ, ছাগলী। উক্ত পূজাভাগত উপস্থিত হৈ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ে উল্লেখ কৰে কোচ ৰাজবংশী লোক সকল যে আদিম জনগোষ্ঠী তথা ভূমিপুত্ৰ এয়াই তাৰ জলন্ত উদাহৰণ।