WATCH | Chapar News : চাপৰৰ শালকোচাৰ বনাঞ্চলত বন ধ্বংসৰ প্ৰতিযোগিতা
চাপৰ,১জুলাই : ধুবুৰী জিলাৰ শালকোচা আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ অধীনত থকা একাংশ পাহাৰ তথা বনাঞ্চলত চলিছে অবৈধ মাটি খননকাৰ্যৰ লগতে বনজ সম্পদৰ ব্যাপক ধ্বংস যজ্ঞ। দুদিন পূৰ্বে সৰ্পমাৰী সংৰক্ষিত বনাঞ্চলত মূল্যবান শাল,চেগুন গছ কাটি তহিলং কৰা ঘটনা মাৰ নাযাওঁতে পুনৰ নতুন নতুন তথ্য এতিয়া পোহৰলৈ আহিছে(Chapar News)।
শালকোচা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ শ্ৰীগ্ৰাম তৃতীয় খণ্ডৰ লগতে শালকোচাৰ বিভিন্ন এলেকাত থকা প্ৰস্তাৱিত বনাঞ্চলত একাংশ ভূ-মাফিয়াই চলাইছে অবৈধ লাল মাটি খনন। অবৈধ খনন কৰাৰ ফলত ঐতিহাসিক বুঢ়া-বুঢ়ী মন্দিৰৰ নিলগত থকা পাহাৰ খন এতিয়া ধ্বংস প্ৰাপ্ত হোৱাৰ উপক্ৰম হৈছে।
শালকোচা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা বনাঞ্চল সমূহৰ মাটিকে ধৰি মূল্যৱান গছ সমূহ ক্ৰমাত কমি যোৱাত সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি সোনকালে এই বন ধ্বংস কাৰ্য বন্ধ কৰিবলৈ ধুবুৰী জিলা সংমণ্ডল বন বিষয়াক জনায় জনায় অন্যথা উক্ত অভিযোগ সমূহ পত্ৰ যোগে অসম চৰকাৰৰ বন মন্ত্ৰীক অৱগত কৰিবলৈ বাধ্য হ’ব বুলি জানিব দিয়ে স্থানীয় ৰাইজে।
লগতে পঢ়ক :WATCH | Biswanath News : বিশ্বনাথত জিলা কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ