WATCH | Chapar News : চাপৰৰ মোৱাটাৰী খৰিদাগোসাই গাঁৱত ড্ৰাগছ বিৰোধী সজাগতা সভা
চাপৰ,৩০জুন : চাপৰৰ মোৱাটাৰী খৰিদাগোসাই গাঁৱত নিশা ড্ৰাগছ বিৰোধী এখন সজাগতা সভা অনুষ্ঠিত হয়।
গাঁৱখনত ড্ৰাগছ নিৰ্মূল কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ উঠে গাওঁবাসী। একাংশৰ দুষ্ট প্ৰকৃতিৰ লোকে দীৰ্ঘদিন ধৰি গাঁৱখনৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকাৰ অভিযোগ। ফলত গাঁৱখনৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলৰ একাংশ যুৱক আসক্ত হৈ পৰিছে মাৰাত্মক ড্ৰাগছৰ কৱলত(Chapar News)।
উপায়ন্তৰ হৈ গাওঁৰ ৰাইজে ৰাইজমেল অনুষ্ঠিত কৰি এই ভয়াবহতাৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈ আগন্তুক দিনত ইয়াৰ বিৰুদ্ধে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব তাৰ বাবে আলোচনা কৰে। আৰক্ষী প্ৰশাসনক ও এই ক্ষেত্ৰত কঠোৰ হ’বলৈ ৰাইজে অনুৰোধ জনায়।
লগতে পঢ়ক :WATCH | Gelekay News : জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে সৰৱ শিৱসাগৰ জিলাৰ লোণপূৰীয়া গাঁৱৰ ৰাইজ