Chapar News: চাপৰৰ আৰেয়াৰঝাৰত নিশা উত্তপ্ত পৰিস্থিতি
চাপৰ,২ফেব্ৰুৱাৰী : চাপৰৰ আৰেয়াৰঝাৰত নিশা উত্তপ্ত পৰিস্থিতি।
ঠিকাদাৰ ইউছুফৰ মইমতালিতৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অঞ্চলবাসী।
জানিব পৰা মতে, আৰেয়াৰঝাৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দোগাছীপাৰা সংযোগী এটি পথৰ নিৰ্মাণ কাৰ্য চলি আছে । কিন্তু নিয়ম বহিৰ্ভূতভাৱে তথা বিদ্যুৎ বিভাগক অৱগত নকৰাকৈ নিশা জেচিবিৰে পথৰ কাষত থকা গছ গছনি উভালি পেলোৱাত হঠাৎ বিদ্যুৎ তাঁৰত লাগি শ্বট চাৰ্কিট হয়। ফলত অঞ্চলজুৰি বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ উপৰিও বহু লোকৰ ঘৰত থকা বৈদ্যুতিক সা সামগ্ৰী নষ্ট হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইয়াৰ উপৰিও দুটাকৈ চৰকাৰী হাউমাচ লাইটৰ ক্ষয় ক্ষতি হোৱাৰ সন্দেহ ৰাইজৰ(Chapar News)।
উক্ত ঘটনা সংক্ৰান্তত স্থানীয় ৰাইজে ঠিকাদাৰ ইউছুফক অৱগত কৰাত ঠিকাদাৰজনে নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিবৰ্তে ৰাইজক দম্ভালি মৰাৰ অভিযোগ। যাৰ বাবে জাঙুৰ খাই উঠে অঞ্চলটোৰ ৰাইজে লগতে ক্ষোভিত ৰাইজে ক্ষতিপূৰণ লাভ নকৰা পৰ্যন্ত কাম বন্ধ ৰখাৰ ভাবুকি প্ৰদান কৰে।
লগতে পঢ়ক :Drugs peddler arrested along with drugs: চতিয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী