Local, Vocal, Global

WATCH | Chapar News : এখন দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগীয়া হৈছে এখন গাঁৱৰ ৰাইজে

চাপৰ,১৭জুন : এখন দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত এতিয়া জমৰ যাতনা ভুগিব লগীয়া হৈছে এখন গাঁৱৰ ৰাইজে।

দলং নথকাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে বিপদসংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে।

নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে বহু প্ৰতিশ্ৰুতি দি যায় কিন্তু নিৰ্বাচনৰ শেষত প্ৰতিশ্ৰুতিৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই(Chapar News)।

অৱশেষত ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি প্ৰত্যেক বছৰে নিৰ্মাণ কৰি আহিছে বাঁহৰ দলং।

উল্লেখ্য যে, পৃৰ্বৰ বিলাসীপাৰা পূৱ সমষ্টি আৰু বৰ্তমানৰ বিৰছিং জৰুৱা সমষ্টিৰ অন্তৰ্গত লালকুৰা,ধীৰেৰচৰ,পুঠিমাৰী আদিকে ধৰি বহু কেইখন গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভুগি আহিছে জমৰ যাতনা।

স্বাধীনতাৰ পিছৰে পৰা উক্ত গাওঁ সমূহৰ প্ৰায় ২০ হাজাৰ লোকক প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে ৰাম ঠোগন দি আহিছে।

অৱশেষত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উক্ত ঠাইত স্থায়ী দলং নিৰ্মাণ কৰি যাতায়তৰ ক্ষেত্ৰত সু-ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজৰ।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : শিৱসাগৰৰ ভটীয়াপাৰৰ বিস্ফোৰণস্থলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা