WATCH | Chapar News : চৰকাৰী ধনক লৈ টনা আজোৰা বইটামাৰী প্ৰাথমিক শিক্ষা খণ্ড বিষয়া আৰু বিদ্যালয় কৰ্তৃপক্ষৰ

চাপৰ,৬জুন : এগৰাকী লুভীয়া শিক্ষা খণ্ড বিষয়াৰ চকু প্ৰাথমিক বিদ্যালয়ে ক্ষতিপূৰণ হিচাপে লাভ কৰা ধনৰ ওপৰত।
চৰকাৰী ধনক লৈ টনা আজোৰা বইটামাৰী প্ৰাথমিক শিক্ষা খণ্ড বিষয়া আৰু বিদ্যালয় কৰ্তৃপক্ষৰ।
বঙাইগাঁও জিলাৰ বইটামাৰীত নাভূত-নাশ্ৰুত ঘটনা।
উল্লেখ্য যে, চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে ২৫ নং চি, মলিগাঁও কেন্দ্ৰীয় প্ৰাথমিক বিদ্যালয়ৰ দেৱাল ক্ষতিগ্ৰস্ত হোৱাৰ বাবে চৰকাৰী ক্ষতিপূৰণ হিচাপে বিদ্যালয়খনে লাভ কৰে ২ লাখ ১৯ হাজাৰ ৪ শ ৭৫ টকা লাভ কৰে(Chapar News)।
কিন্তু ৰহস্যজনক ভাৱে উক্ত ধনৰাশি দাবী কৰে ২৫ নং চি, মলিগাঁও কেন্দ্ৰীয় প্ৰাথমিক বিদ্যালয়ৰ গাতে লাগি থকা বইটামাৰী প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ৰ শিক্ষা খণ্ড বিষয়া নিৰ্মল নাৰ্জাৰীয়ে।
ধনৰাশিৰ লোভত বইটামাৰী প্ৰাথমিক শিক্ষা খণ্ড বিষয়া নিৰ্মল নাৰ্জাৰীয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী গৰাকীক দুব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপান কৰি ৰাজহুৱা সভাৰ আয়োজন কৰে অভিভাৱক আৰু স্থানীয় ৰাইজে।
পিছত ৰাইজে উক্ত বিষয়টোক লৈ বঙাইগাঁও জিলা আয়ুক্ত আৰু অভয়াপুৰী সম জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰে।
ৰহস্যজন ভাৱে বইটামাৰী প্ৰাথমিক শিক্ষা খণ্ড বিষয়া নিৰ্মল নাৰ্জাৰীয়ে বিদ্যালয় কতৃপক্ষক দাবী ধমকী দিয়াৰ লগতে আইনৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ।
অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে অভয়াপুৰী সম জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা অহা এগৰাকী দণ্ডাধীশ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ বিষয়টো লৈ দুয়ো পক্ষৰ মাজত আলোচনাত মিলিত হয়।
পিছত দণ্ডাধীশ পৰ্যায়ৰ বিষয়া গৰাকীৰ হস্তক্ষেপত অৱশেষত নিজৰ ভুল মানি ৰাইজৰ ওচৰত লিখিত আকাৰত ক্ষমা খুজে বইটামাৰী প্ৰাথমিক শিক্ষা খণ্ড বিষয়া নিৰ্মল নাৰ্জাৰীয়ে।
কিন্তু ৰাইজে উক্ত বিষয়া গৰাকীৰ ক্ষমা-প্ৰাৰ্থনাত অভিভাৱক আৰু স্থানীয় ৰাইজে সন্তুষ্ট নহৈ বিষয়া গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনাই।
লগতে পঢ়ক : WATCH | Erosion in Nagarbera :ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে চেঙাৰ ম’হচৰা গাঁৱত