Local, Vocal, Global

WATCH | Chapar News : বগাচলাত বিদ্যুৎ তাঁতৰ লাগি মৃত্যু গো ধনৰ

ছিপাঝাৰ,১জুন : মুখলধাৰ বৰষুণ আৰু ধুমুহাত ছিপাঝাৰৰ চেঙেলীয়াঝাৰৰ বগাচলাত দিমীৰা নদীৰ মথাউৰিত থকা বিদ্যুৎ তাঁৰত লাগি গাঁৱখনৰ আলতাফ হুছেইন নামৰ দৰিদ্ৰ লোক গৰাকীৰ গৰু এটা মৃত্যু হয়।

জানিব পৰা মতে, যোৱা বৃহস্পতিবাৰে বিদ্যুৎ পৰিবাহী তাঁৰ এডাল ছিগি মাটিত পৰাৰ পিছত বিভাগক জনোৱাত সংযোগ বিচ্ছিন্ন কৰি দিয়ে যদিও আজি পুৱাতে হঠাৎ গৰু এটাত তাঁৰ ডাল লগাত গৰুটো মৃত্যু মুখত পৰে। ঘটনাকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Chapar News)।

বিভাগক জনোৱাৰ পাছতো জৰুৰী ভাবে ছিগা তাঁৰডাল মেৰামতি নকৰাৰ বাবে গৰুটো মৃত্যু হ’বলৈ পালে বুলি অভিযোগ উত্থাপন হৈছে। বিভাগে দুখীয়া পৰিয়ালটোৰ গৰাকীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী জনাইছে। ইফালে গাঁও খনৰ সমীপত দিমীলা নদীৰ মথাউৰি নিচেই ওচৰতে থকা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ এটা উন্মুক্ত অৱস্থাত থকাত ৰাইজে বিপদৰ আকাংক্ষা প্ৰকাশ কৰি বিভাগে জৰুৰী ভাবে বেৰ দিয়াৰ দাবী জনাইছে।

লগতে পঢ়ক : WATCH | Hajo News : হাজোত জৰাজীৰ্ণ পথ ! বিভাগীয় নীতিক বুঢ়া আঙুলি ঠিকাদাৰৰ