Local, Vocal, Global

WATCH | Chapar News : শৃংখল চলিহাক উভতি ধৰিলে অবিভক্ত গোৱালপাৰা জিলা আৰু ধুবুৰী জিলা কলিতা জনগোষ্ঠী

চাপৰ ৩১ মে’: সামাজিক মাধ্যম যোগে লাচিত সেনাৰ নেতা শৃংখল চলিহাই ধুবুৰী জিলাত মিঞাৰ বাহিৰে কোনো খিলঞ্জীয়া জনগোষ্ঠী নাই বুলি কৰা বক্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা জনগোষ্ঠীৰ লগতে ধুবুৰী জিলা কলিতা আলপাইন জনগোষ্ঠী।

আজি অবিভক্ত গোৱালপাৰা জিলাৰ কলিতা জনগোষ্ঠীৰ লগতে ধুবুৰী জিলা কলিতা আলপাইন জনগোষ্ঠীয়ে এক সংবাদ মেল সম্বোধন কৰি কয়- শৃংখল চলিহাৰ ধুবুৰী জিলাৰ প্ৰতি সাম্যক জ্ঞান নাই। শৃংখল চলিহাক ধুবুৰীৰ ইতিহাসৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায়। লগতে উল্লেখ কৰি কয় যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্মস্থান ধুবুৰী জিলাত। যি জন স্বনামধন্য ব্যক্তিৰ আদৰ্শৰ অনুপ্ৰেৰণা কৰে অসমৰ একাংশ ৰাইজে ধুবুৰী জিলাত জন্ম পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ(Chapar News)।

গতিকে শৃংখল চলিহা ধুবুৰীৰ বিষয়ে অধ্যয়ন কৰা প্ৰয়োজন। ধুবুৰী জিলাত বিভিন্ন জনগোষ্ঠীৰ মানুহ বসবাস কৰে। তেনে ক্ষেত্ৰত ধুবুৰী জিলাত কেৱল মিঞা থকা বুলি টুলুঙা মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ লগতে ধুবুৰী বাসীৰ আগত অনতি পলমে ক্ষমা খুজিবলৈ দাবী জনায়। অন্যথা বিতৰ্কিত নেতা শৃংখল চলিহাৰ বিৰুদ্ধে আইনি ব্যবস্থা হাতত লোৱাৰ উপৰিও তীব্র আন্দোলন গঢ়ি তুলিব বুলিও সংবাদমেল যোগে হুংকাৰ দিয়ে সংগঠনটোৰ নেতা অকণ কলিতাই।

লগতে পঢ়ক : WATCH | Sootea News : চতিয়াত কৃষকৰ হাহাকাৰ অৱস্থা