WATCH | Chapar News : চাপৰত বুজন পৰিমাণ ড্ৰাগছসহ আটক এজনক
চাপৰ,২৯মে’ : চাপৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন।
পিছে এইবাৰ আৰক্ষীয়ে নহয় ৰাইজে ড্ৰাগছসহ আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো কোকৰাঝাৰ জিলাৰ ৰাজীৱ বসুমতাৰী বুলি জানিব পৰা গৈছে।
চাপৰ চাহ বাগিচা পথত ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ড্ৰাগছ সৰবৰাহকাৰীজনক(Chapar News)।
জানিব পৰা মতে ৰাছেল নামৰ এজন ছদ্ম নামধাৰি ড্ৰাগছ ব্যৱসায়ীৰ পৰা ক্ৰয় কৰিছিল ড্ৰাগছ খিনি।
পাঁচটাকৈ কন্টেনাৰত আনিছিল ড্ৰাগছখিনি।
এতিয়া প্ৰশ্ন হয় কোনো এই ছদ্ম নামধাৰি ড্ৰাগছ ব্যৱসায়ী ৰাছেল!
কিয় আজিলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে এই ছদ্ম নামধাৰি ৰাছেলক!
আৰক্ষীৰ তদন্তত ধৰা পৰিবনে চাপৰৰ কুখ্যাত এই ড্ৰাগছ ব্যৱসায়ীজন।
আছা’ৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজোন হৰো দাবী আৰক্ষী প্ৰশাসনে চাপৰ অঞ্চলৰ পৰা নিৰ্মূল কৰক ড্ৰাগছৰ ৰমৰমীয়া বেহা।
লগতে পঢ়ক : WATCH | Charaideo Gang Rape Case:চৰাইদেউৰ মথুৰাপুৰত সংঘটিত দলবদ্ধ ধৰ্ষণ কাণ্ডৰ তিনি অভিযুক্তক গ্ৰেপ্তাৰ