Local, Vocal, Global

WATCH | Chapar News : ন্যায় বিচাৰি থানাত উপস্থিত এগৰাকী অসহায় মহিলা

চাপৰ,২৪মে’ : ন্যায় বিচাৰি থানাত উপস্থিত হ’ল এগৰাকী অসহায় গৰ্ভৱতী মহিলা।

নিজৰ গৰ্ভত থকা সন্তানক হেৰুৱাই এতিয়া দিশহাৰা এগৰাকী মাতৃ।

চাপৰ আৰক্ষী থানাত এজাহাৰ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ।

এজাহাৰ দাখিল কৰাৰ দুদিন উকলি যোৱাৰ পিছতো আজিলৈকে অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল চাপৰ আৰক্ষীয়ে।

চাপৰ থানাৰ আৰক্ষী বিষয়া সকল ব্যস্ত থকাৰ বাবেহে হেনো এতিয়ালৈকে পঞ্জীয়ন নহ’ল গোচৰ(Chapar News)।

জনহিত জনহিতাৰ্থে সেৱা কৰা সংকল্প যেন পাহৰিয়েই পেলাইছে চাপৰ আৰক্ষীয়ে।

উল্লেখ্য যে যোৱা মঙলবাৰ দিনা চাপৰৰ ফলিমাৰী প্ৰথম খণ্ড গাঁৱৰ এটা ৰাস্তাৰে গাড়ী চলোৱাক কেন্দ্ৰ কৰি উক্ত গাঁৱৰে হাচিদা খাতুনৰ লগত সৃষ্টি হয় কাজিয়াৰ।

ফলিমাৰী প্ৰথম খণ্ডৰ বাসিন্দা দেলবৰ আলী আৰু তেওঁৰ পত্নী জাহেদা খাতুনে ঘৰত প্ৰবেশ কৰি হাচিদা খাতুনক আক্ৰমণ কৰাৰ অভিযোগ।

হাচিদা খাতুনৰ ওচৰত থকা তাইৰ গৰ্ভৱতী কন্যা ৰোসেনাৰা বেগমকো পতি-পত্নীয়ে মিলি ইটাৰে পেটত দলিয়াৰ অভিযোগ।

পিছত তাতাতৈয়াকৈ ৰোচেনাৰা বেগমক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে আৰু চিকিৎসাল‌য়ত পৰীক্ষা কৰি গৰ্ভত থকা সন্তানটি মৃত বুলি চিকিৎসকে জানিব দিয়ে পৰিয়ালৰ লোকক।

উক্ত ঘটনা সন্দৰ্ভত মাতৃ হাচিদা খাতুনে দেলবৰ আলী আৰু তেওঁৰ পত্নী জাহেদা খাতুনৰ নামত এজাহাৰ দাখিল কৰে।

কিন্তু তিনি দিন উকলি যোৱাৰ পিছতো গোচৰ পঞ্জীয়ন নকৰাৰ আঁৰৰ ৰহস্য কি সেয়া এক নুবুজা সাথৰ হৈ পৰিছে।

লগতে পঢ়ক : WATCH | Dalgaon News : হিন্দু আৰাধ্য দেৱতা মহাদেৱক লৈ বিতৰ্কিত মন্তব্য কৰি আৰক্ষীৰ জালত যুৱক