Local, Vocal, Global

WATCH | Chapar News : ইছলাম ধৰ্মৰ যুৱকে পলুৱাই লৈ গ’ল এগৰাকী হিন্দু বোৱাৰীক

চাপৰ,২৩মে’ : চাপৰৰ দগাচীপাৰাৰ এজন ইছলাম ধৰ্মৰ যুৱকে পলাই লৈ গ’ল এগৰাকী হিন্দু বোৱাৰীক।

ৰহুল আমিন নামৰ যুৱকজনে পলুৱাই লৈ গ’ল কলিতা সম্প্ৰদায়ৰ এগৰাকী বোৱাৰীক ।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য(Chapar News)।

ধুবুৰী কোকৰাঝাৰ জিলাৰ সীমান্তবৰ্তী ঢোলমাৰাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো।

উল্লেখ্য যে কিছুদিন পূৰ্বে কোকৰাঝাৰ জিলাৰ ঢোলমাৰাৰাৰ এজন যুৱকৰ সৈতে চাপৰৰ আৰেয়াৰঝাৰৰ এগৰাকী কলিতা সম্প্ৰদায়ৰ যুৱতীৰ বিবাহ পাশত আবদ্ধ হয়।

কিন্তু বিবাহৰ কিছুদিন পিছতে চাপৰৰ দগাচীপাৰাৰ যুৱক ৰহুল আমিনে বোৱাৰী গৰাকীক ফুচুলাই সোণৰ আ অলংকাৰ আৰু টকাৰ সৈতে বোৱাৰী গৰাকীক পলুৱাই নিয়ে।

উক্ত ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ স্বামীয়ে কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা হাতত লয় সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

লগতে পঢ়ক : WATCH : Doom Dooma News : বীৰ লাচিত সেনাৰ নেতাক আটক