Local, Vocal, Global

WATCH | Chapar News : বঙাইগাঁও জিলাৰ পঞ্চগাঁও হাইস্কুল ভোট কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশ

চাপৰ,৭মে’: বঙাইগাঁও জিলাৰ পঞ্চগাঁও হাইস্কুল ভোট কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশ।

অভিযোগ অনুসৰি পলিং বিষয়া এজনে ভোটাৰ ৰাইজক বিজেপি’ক ভোট দিবলৈ কোৱাত ক্ষুদ্ধ হৈ পৰে ভোটাৰ ৰাইজ।

ভোটাৰ ৰাইজৰ লগত পলিং বিষয়া জনৰ তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়।

ফলত ভোটাৰৰ ৰাইজে প্ৰায় ৩০ মিনিট মান ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে(Chapar News)।

অৱশেষত ঘটনাস্থলীত বঙাইগাঁও জিলা আয়ুক্তৰ লগতে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পলিং বিষয়া জনক আঁতৰাই এজন নতুন পলিং বিষয়া নিয়োগ কৰাত পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।

ধনতোলা গাঁৱ পঞ্চায়তৰ অন্তৰ্গত ৬ নং ৱাৰ্ডৰ ভোটদান চলি আছিল ভোটদান কেন্দ্ৰটোত।

লগতে পঢ়ক :WATCH | Panchayat Election : বকোৰ ভোটকেন্দ্ৰত ভোটাৰৰ ভিৰ