Chapar News:চাপৰত এগৰাকী চৰকাৰী বিষয়াৰ গুণ্ডাগিৰীত অতিষ্ঠ হৈ পৰিছে ৰাইজ

চাপৰ,২৭জানুৱাৰী : চাপৰত এগৰাকী চৰকাৰী বিষয়াৰ গুণ্ডাগিৰীত অতিষ্ঠ হৈ পৰিছে ৰাইজ।চৰকাৰী মাটিত ঘৰ বান্ধি ৰাস্তা বন্ধ কৰি গাঁৱৰ ৰাইজক চৰম বিপদত পেলাইছে এগৰাকী চৰকাৰী বিষয়াই।
শ্ৰীগ্ৰাম পঞ্চম খণ্ড গাঁৱৰ PWDত কৰ্মৰত SA মছিফুল ৰহমানৰ বিৰুদ্ধে গাওঁবাসীয়ে উত্থাপন কৰিছে এই অভিযোগ। চাপৰ ৰাজহ চক্ৰ বিষয়াকো কেৰেপ নকৰে এইগৰাকী মছিফুল ৰহমানে।
এই মাটি ডোখৰ আৰু গৃহটোলৈ মন কৰক। এয়া হৈছে চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীগ্ৰাম পঞ্চম খণ্ডৰ গাঁৱৰ দৃশ্য। গাওঁ খনৰ ৯০ আৰু ৯১ দাগৰ এই মাটি ডোখৰ হ’ল পূৰ্বৰ চৰকাৰী PWD ৰ খাছ ৰেকৰ্ড ভুক্ত মাটি।
এই মাটি ডোখৰত PWD ত কৰ্মৰত SA মছিফুল ৰহমান নামৰ বিষয়াই ঘৰ বান্ধি বেদখল কৰি ৰাস্তা ঘাট বন্ধ কৰি দিয়াৰ অভিযোগ তুলিছে গাঁৱখনৰ ৰাইজে। ৰাস্তা বন্ধ কৰি গাওঁবাসীক দাবী ধমকি দি গুণ্ডাৰাজ চলাই গৈছে এই গৰাকী মছিফুল ৰহমানে। উপায়ন্তৰ হৈ গাওঁ বাসী ৰাইজে কাষচাপিচে আইনৰ(Chapar News)।
এই ক্ষেত্ৰত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ আৰু চাপৰ ৰাজহ চক্ৰৰ বিষয়াক অতি শীঘ্ৰে চৰকাৰী মাটি বেদখল মুক্ত কৰি দি ৰাইজৰ যাতায়তৰ সু-ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনাইছে গাওঁবাসী ৰাইজে। প্ৰশ্ন উত্থাপন হৈছে- যি সময়ত মাটিৰ দালালৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে, ঠিক তেনে সময়তেই খোদ চৰকাৰী বিষয়াই মাটি দখলত নমা আৰু দুই নম্বৰী কাৰবাৰৰ বিৰুদ্ধে কি ব্যবস্থা গ্ৰহণ কৰিৱ প্ৰশাসনে এয়া সময়ত হে লক্ষ্যনীয় হ’ব !
লগতে পঢ়ক:AMSU awareness meeting in Chapar: চাপৰৰ বহলপুৰত আমছুৰ বিশাল সজাগতা সভা