WATCH | Chapar News : ক্ৰমাত যেন আকৰ্ষণীয় হৈ পৰিছে পঞ্চায়ত নিৰ্বাচন
চাপৰ,২১এপ্ৰিল : ক্ৰমাত যেন আকৰ্ষণীয় হৈ পৰিছে পঞ্চায়ত নিৰ্বাচন। গীতে মাতে নাচি বাগি বিজেপি প্ৰাৰ্থীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ।
চাপৰৰ হাতিপোতাত বিজেপিৰ বিশাল নিৰ্বাচনী সভা।
সভাত উপস্থিত অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ তথা বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক কুমাৰ সিংহীৰ লগতে বিজেপিৰ মনোনীত প্ৰাৰ্থী সকল। নিৰ্বাচনী সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীৰ।
ৰাজ্যত ক্ৰমান্বয়ে তীব্ৰ হৈ উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ বিজেপি দলে বিলাসীপাৰা সমষ্টিত বজালে ৰণডংকা। বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ নং শালকোচা জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী প্ৰতুল চন্দ্ৰ বৰ্মনৰ লগতে হাতীপোতা আঞ্চলিক পঞ্চায়ত সদস্যৰ হৈ চাপৰৰ হাতীপোতাত নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীয়ে(Chapar News)।
ইফালে নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ ব্যাপক সঁহাৰি দেখি জিলা পৰিষদৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী প্ৰতুল চন্দ্ৰ বৰ্মনে কয় যে ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰিব।
লগতে পঢ়ক : WATCH | Sensational incident : চতিয়াত ধাৰাবাহিকৰ অভিনেতাক আক্ৰমণ