Local, Vocal, Global

WATCH | Chapar News : ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নৃত্য বজাৰত উত্তপ্ত পৰিস্থিতি

চাপৰ,১৯এপ্ৰিল : ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নৃত্য বজাৰত উত্তপ্ত পৰিস্থিতি।

ধুবুৰী জিলাৰ চাপৰ থানাৰ যান বাহন আৰক্ষী অনৈতিকভাৱে বঙাইগাঁও জিলাৰ নিত্য বজাৰত গাড়ীৰ ফটো উঠোৱাৰ অভিযোগ।

আৰক্ষীৰ কাণ্ডত খৰ্গহস্ত হৈ একাংশ ৰাইজে আটক কৰে আৰক্ষীৰ বাহন(Chapar News)।

জানিব পৰা মতে, চাপৰ আৰক্ষীৰ যান বাহন শাখাই মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক ধুবুৰী আহি থকা অৱস্থাত স্কোৰ্ট দিবলৈ উপস্থিত হৈছিল ঠাইখনত।

কিন্তু ৰাইজৰ অভিযোগ ধুবুৰী আৰক্ষীয়ে বঙাইগাঁও জিলাত ট্ৰফিক আইন উলংঘা কৰি গাড়ীক বিহে জৰিমনা।

যাৰ বাবে উত্তেজিত হৈ পৰে একাংশ ৰাইজ।

ইপিনে বীমা আৰু প্ৰদূষণৰ বাবে ৰাইজক জৰিমনা বিহা আৰক্ষীৰ বাহনৰ কিয় বীমা আৰু প্ৰদূষণৰ অনুজ্ঞাপত্ৰ নাই বুলি প্ৰশ্ন কৰে ৰাইজে।

ৰাইজে আটক কৰা আৰক্ষীৰ গাড়ীৰ নম্বৰ আছিল AS30 6719 ।

অৱশেষত চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি গাড়ীখন মুকলি কৰি আনে।

লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰাত একাংশ পঞ্চায়ত জনপ্ৰতিনিধিয়ে ভুৱা নথি পত্ৰৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ অভিযোগ