Local, Vocal, Global

Chapar News :চাপৰ বিদ্যুৎ উপ-সংমণ্ডলে গ্ৰাহকক দিলে ৰামঠগন

চাপৰ,১১জানুৱাৰী : চাপৰ বিদ্যুৎ উপ-সংমণ্ডলে গ্ৰাহকক দিলে ৰামঠগন ।

চাপৰ বিদ্যুৎ উপ-সংমণ্ডলত এইবাৰ নাভুত-নাশ্ৰুত কাণ্ড।

চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাণ্ডত অতিষ্ঠ চাপৰৰ ৰৌমাৰীৰ বদিউৰ জামান সৰকাৰ।

নিজৰ ইচ্ছা মতে বিল প্ৰস্তুত কৰি গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ(Chapar News)।

অভিযোগ দিবলৈ যোৱা গ্ৰাহকক দুব্যৱহাৰ কৰাৰ অভিযোগ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া আৰু উপ-সংমণ্ডলৰ কৰ্মচাৰী ৰাজু দেৰ বিৰূদ্ধে ।

চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ পৰা কোনো সহাৰি নাপাই গ্ৰাহক সেৱা কেন্দ্ৰৰ কাষ চাপে ভুক্তভোগীয়ে।

অৱশেষত গ্ৰাহক গৰাকীৰ নামত প্ৰস্তুত কৰা বিদ্যুৎ বিল প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল চাপৰ বিদ্যুৎ উপ-সংমণ্ডলয়ে

উল্লেখ্য যে ভুক্তভোগী গৰাকীয়ে বিদ্যুৎ বিল মাহে মাহে পৰিশোধ কৰাৰ পিছতো গ্ৰাহক গৰাকীৰ নামত অত্যাধিক মাছুল অহাৰ অভিযোগ।

গ্ৰাহক গৰাকীয়ে অতিষ্ঠ হৈ বিল পৰিশোধ নকৰাকৈ চাপৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাষ চাপে যদিও সঁহাৰি দিয়াৰ পৰিবৰ্তে ওলোটাকৈ গ্ৰাহক গৰাকীকে দুব্যৱহাৰ কৰাৰ অভিযোগ চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়া আৰু কৰ্মচাৰীৰ বিৰুদ্ধে। লগতে আন আন দুখীয়া দৰিদ্ৰ পৰিয়ালকো চাপৰ বিদ্যুৎ উপ সংমণ্ডলে ৰামঠগন দি অহাৰ অভিযোগ।

অতি সোনকালে চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনায়।

লগতে পঢ়ক :Umrangso Coal Mine: উমৰাংছুত উদ্ধাৰ তৃতীয়টো মৃতদেহ; উদ্ধাৰ হোৱা তৃতীয়টো মৃতদেহৰ পৰিচয় জানিব পৰা নাই