WATCH | Chapar News : মন্দিৰৰ মাটিক লৈ দুই ফৈদৰ মাজত সংঘাট, আহত কেইবাজনো

চাপৰ,৬এপ্ৰিল : চাপৰৰ শান্তিপুৰত এটা হিন্দুৰ মন্দিৰৰ মাটিক লৈ সংঘটিত হয় মাৰপিটৰ ঘটনা। চাপৰ শান্তিপুৰত অৱস্থিত ৰজাদীনিয়া ঐতিহাসিক শ্ৰী শ্ৰী মা বাগৰাণী থানৰ মাটি ওচৰৰে এঘৰ মুছলমান পৰিয়ালে দীৰ্ঘ দিনে দখল কৰি মন্দিৰ পৰিৱেশ বিনষ্ট কৰি আহিছে।
১০০ শতাংশ মুছলমান গাওঁত অৱস্থিত ৯৯ শতাংশ মুছলমান পৰিয়ালে উক্ত মন্দিৰটো সপক্ষে থিয় দিছে যদিও মাত্ৰ এটা পৰিয়ালে মন্দিৰটোৰ মাটি দখল কৰি হিন্দু মুছলমানৰ সম্প্ৰিতিৰ শান্তিপুৰত সৃষ্ঠি কৰি আহিছে আতংকৰ(Chapar News)।
উল্লেখ্য যে উক্ত মন্দিৰটো ৮৯৪ নম্বৰ আৰু ৮৯৫ নম্বৰৰ দুটা দাগৰ ৮৯৪ দাগ নম্বৰটোত ইতিমধ্যে আইনী যুজ চলি আছে যদিও ৮৯৫ নম্বৰ দাগত মন্দিৰৰ মাটি পেলোৱাক লৈ এই মাৰপিটৰ ঘটনা সংঘটিত হয় যত মন্দিৰ কমিটিৰ কেইবাজনো গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয়।
ইতিমধ্যে চাপৰ আৰক্ষী থানাত মন্দিৰ কমিটিয়ে উক্ত বিৰ্তকিত পৰিয়ালটো বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। স্থানীয় হিন্দু-মুছলমান ৰাইজৰ দাবী বিৰ্তকিত উক্ত পৰিয়ালটোৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ হস্থক্ষেপ বিচাৰিছে।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘বিজেপি চৰকাৰ নহা হ’লে, মুছলমান মহিলাই ন্যায় নাপালে হেঁতেন’-মুখ্যমন্ত্ৰী