Local, Vocal, Global

WATCH | Chapar News : চাপৰৰ জালিকুৰাত মীন পালন তথা মৎস্য উৎপাদনৰ ওপৰত বিশেষ সজাগতা সভা

চাপৰ,২৪মাৰ্চ : চাপৰৰ জালিকুৰাত মীন পালন তথা মৎস্য উৎপাদনৰ ওপৰত বিশেষ সজাগতা সভা।

সজাগতা সভাৰ জৰিয়তে গঞা ৰাইজক মীন পালনৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস।

গ্ৰীণভেলী ছছাইটি নামৰ NGO ৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ সজাগতা সভা(Chapar News)।

পুখুৰী বা বিলত কেনেকৈ মৎস্য উৎপাদন কৰিব পাৰি এই বিষয়ত বিতং ভাবে আলোচনা কৰে মীন বিভাগৰ বিষয়া ইব্ৰাহিম আলী খানৰ লগতে কলং কপিলি ট্ৰেনিং এক্সপাৰ্টৰ কেবাজনো বিষয়- ববীয়াই।

দেইছি গগৈ, সুছিল ছাংগমা আৰু গৰিমা বৰাই মীন পালনৰ জৰিয়তে যে স্বাৱলম্বী হব পাৰি এই কথা সুন্দৰকৈ বুজাই দিয়ে।

আনপিনে পুখুৰী এটাত কেনেকৈ মৎস্য উৎপাদনৰ বাবে উপযোগী কৰিব তুলিব আৰু কি কি কৰিব লাগিব আটাইবোৰ দিশ সামৰি কিমান খৰছ সকলো পুংখানুপুংখ ভাৱে বুজাই দিয়ে ধুবুৰী জিলা মীন বিভাগৰ বিষয়া ইব্ৰাহিম আলী খানে।

লগতে বিষয়া গৰাকীয়ে মীন পালন কৰিলে চৰকাৰৰ ফালৰ পৰা কি কি সুবিধা লাভ কৰিব তথা চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে অৱগত কৰে।

বিশেষকৈ আজিৰ এই সজাগতা সভাৰ জৰিয়তে অহা ১ এপ্ৰিলৰ পৰা মীন আইন প্ৰযোজ্য হ’ব। যাতে এই আইনখন মানি চলে তাৰ বাবেও আহ্বান জনায় মীন বিষয়া গৰাকীয়ে।

সভাৰ শেষত গ্ৰীণভেলি ছ’ছাইটি ফালৰ পৰা উপস্থিতি ৰাইজক এটাকৈ নেমু টেঙা গছৰ পুলি আৰু এটাকৈ গুল মৰিছৰ পুলি বিতৰণ কৰে।

লগতে পঢ়ক : WATCH | Kaliabor News : ২০১৭ চনৰ বানপানীৰ অনাদায় টকা আদায়ৰ নিদিয়া দাবীত প্ৰতিবাদ