Local, Vocal, Global

WATCH | Chapar News : চাপৰৰ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰা বিনামূলীয়া সূতা বিতৰণ কাৰ্যসূচী ৰূপায়ন

চাপৰ,২৩মাৰ্চ : বজাৰত পাওৱাৰলুমৰ গামোচা খন আইনগত ভাবে বেণ্ড কৰি ঘৰুৱা তাঁতশালত বোৱা গামোচা বজাৰত বিক্ৰী কৰাৰ পৰা কল্পনৰে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সূতা বিতৰণৰ লক্ষ্য ।

চাপৰৰ নিদানীত বাৰুণিতাৰা-বতৰদল গাঁও পঞ্চায়ত অন্তৰ্গত অঞ্চলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰা বিনামূলীয়া সূতা বিতৰণ কাৰ্যসূচী ৰূপায়ন।

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায়ৰ আৱন্টিত পৰিষদীয় পুঁজিৰে আত্মসহায়ক গোট সমূহক সূতা বিতৰণ কৰে(Chapar News)।

আগন্তুক বিষুৱা উপলক্ষে পাটানি আৰু আংছা বনোৱাৰ উদ্দেশ্যৰে প্ৰায় ৭৫ টা আত্মসহায়ক গোটক এই বিনামূলীয়া সূতা বিতৰণ কৰে।

মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে আমি ইয়াত কোনো ধৰণৰ ভোটৰ ৰাজনীতি কৰা নাই আমি কেৱল কোচ-ৰাজবংশী আই মাতৃসকলক হস্ত তাতৰ বাবেহে আমি আগবাঢ়ি আহিছোঁ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ সুধিৰ চন্দ্ৰ ৰায়, বিশিষ্ট সমাজসেৱক দিলীপ অধিকাৰী,দেৱানন্দ অধিকাৰী আৰু বহু জ্যেষ্ঠ ব্যক্তি।

লগতে পঢ়ক : WATCH | Sensational incident : পোহৰলৈ আহিছে গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰটেকত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্যকৰ তথ্য