WATCH | Chapar News : বঙাইগাঁও আৰক্ষীৰ জালত মাছ চোৰ
চাপৰ,২০মাৰ্চ : বঙাইগাঁও আৰক্ষীৰ জালত মাছ চোৰ। মাছভৰ্তি ট্ৰাকৰ পৰা চুৰি কৰিছিল লক্ষ লক্ষ টকাৰ চালানী মাছ
বঙাইগাঁও জিলাৰ ৰাখালডুবিত বহি: ৰাজ্যৰ পৰা অহা মাছভৰ্তি ট্ৰাকৰ পৰা নাইকীয়া হ’ল লক্ষ লক্ষ টকাৰ চালানী মাছ। দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে লক্ষ টকাৰ মাছ লৈ উধাও।
জানিব পৰা মতে, অন্ধ্ৰপ্ৰদেশৰ পৰা AP 39 VC 9969 নম্বৰৰ মাছভৰ্তি ট্ৰাকখনৰে ৩০০ কাৰ্টন চালানী মাছ অসমৰ শিলচৰ আহি থকা অৱস্থাত বঙাইগাঁও জিলাত নিৰুদ্দেশ হয়। পিছত অন্ধ্ৰ প্ৰদেশৰ মাছৰ ব্যৱসায়ীজনে আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহায় লৈ খালি ট্ৰাকখন পাথাৰকুছিৰ উদ্ধাৰ কৰে। কিন্তু মাছৰ কাৰ্টন বিচাৰিবলৈ বহি:ৰাজ্যৰ মাছৰ ব্যৱসায়িজন স্থানীয় মাছ ব্যৱসায়িৰ সহায় লয়(Chapar News)।
প্ৰথম অৱস্থাত ধুবুৰী জিলাৰ চাপৰৰ পৰা ৩৭ কাৰ্টন মাছ চাপৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আটক কৰিবলৈ দুজনকৈ লোকক। পিছলৈ চাপৰ আৰক্ষীয়ে ঘটনাৰ কেন্দ্ৰ বঙাইগাঁওত জিলাত হোৱা হেতুকে বিষয়টো বঙাইগাঁও আৰক্ষীক অৱগত কৰে আৰু বঙাইগাঁও সদৰ থানাত এখন এজাহাৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে।
অৱশেষত বঙাইগাঁও আৰক্ষীৰ অভিযানত পশ্চিম ভাদ্ৰাগাঁৱৰ পৰা উদ্ধাৰ হয় ৫৮ কাৰ্টন মাছ। ভাদ্ৰাগাঁৱৰ মজিদুল ইছলামৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫৮ কাৰ্টন মাছ। ধুবুৰী জিলাৰ চাপৰৰ জনৈক চন্দন নামৰ এগৰাকী ব্যক্তিয়ে মজিদুলৰ বাসগৃহত মাছখিনি আনি ৰাখিছিল বুলি জানিব দিয়ে মজিদুলৰ পত্নীয়ে।
উল্লেখ্য যে যোৱা ৰবিবাৰৰ দিনাখন ৰাখালডুবিৰ পৰা মাছভৰ্ত্তী বাহনখনৰ মাছখিনি চুৰি কৰিছিল দুষ্কৃতিকাৰীয়ে। এতিয়াও নিৰুদ্দেশ হৈ আছে ট্ৰাকখনৰ চালক। আৰক্ষীৰ ভূমিকাও ৰহস্যজনক, চাপৰ আৰক্ষীয়ে আটক কৰা লোক দুজনক এৰি দিয়ে বঙাইগাঁও আৰক্ষীয়ে।
লগতে পঢ়ক : WATCH | Massive fire breaks out: লামডিং নিউকলোনি পাম্প হাউচ ৰ’ড অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড