WATCH | Chapar News : চাপৰত অভাৰলোড চাই ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম
চাপৰ,৪মাৰ্চ : চাপৰত অভাৰলোড চাই ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম।
উন্মুক্ত ডাম্পাৰৰে কোকৰাঝাৰ জিলাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা নিৰ্গত বিষাক্ত চাই ৰাষ্ট্ৰীয় ঘাইপথৰে সৰবৰাহ।
দিনে নিশাই শ শ অভাৰলোড চাই ভৰ্তি ডাম্পাৰৰে বিষাক্ত চাই সৰবৰাহ কৰাৰ ফলত বায়ু প্ৰদূষিত হোৱাৰ উপৰি ভাবুকি কঢ়িয়াই আনিছে জন জীৱনলৈ।
কোকৰাঝাৰ জিলাৰ ঢলমাৰাৰ পৰা চাপৰৰ সোনামুখি,টিলাপাৰা চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাৰ্য ব্যৱহাৰ হৈ আছে এই বিষাক্ত চাই(Chapar News)।
নিৰৱ ভুমিকা ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ পৰিবহণ বিভাগ আৰু প্ৰশাসনৰ!
উক্ত ঘটনা লৈ বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া।
ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোনামুখি, চিৰাকুটাত নৱ নিৰ্মীয়মান ফোৰলেন নিৰ্মাণত অভাৰলোড ডাম্পাৰৰ দৌৰাত্মই বিপদত পেলাইছে ৰাইজক।
নিতৌ অভাৰলোড ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ সৰ্ব সাধাৰণ ৰাইজ!
ধুবুৰী প্ৰশাসনক অতি শীঘ্ৰে চিৰাকুটাৰ সোনামুখিৰ অভাৰলোড ডাম্পাৰৰ দৌৰাত্ম বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে বিষাক্ত চাইৰ ব্যৱহাৰ চৰকাৰী নিয়ম অনুযায়ী কৰিবলৈ অনুৰোধ জনায়।
উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ NTPC ৰ বিষাক্ত চাই সমূহ সৰবৰাহ বাবে বিশেষ গাড়ী ব্যৱহাৰ কৰিব লাগে কিন্তু তাৰ বিপৰীতে উন্মুক্ত ডাম্পাৰৰে প্ৰশাসন আৰু পৰিবহণ বিভাগক মেনেজ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰে কঢ়িয়াই আনি ফৰলেনৰ কামত ব্যৱহাৰ কৰাৰ বাবে ক্ষোভ উজাৰে আছুৰ,আক্ৰাছুৰ বিভিন্ন দল সংগঠনে।
লগতে পঢ়ক :WATCH | Assam Assembly budget session : আজি অসম বিধানসভা বাজেট অধিৱেশনৰ ষষ্ঠ দিন