Local, Vocal, Global

WATCH | Chapar News: চাপৰত অভাৰলোড চাই ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম

চাপৰ,২মাৰ্চ : চাপৰত অভাৰলোড চাই ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম। অভাৰলোড চাইভৰ্তি ডাম্পাৰৰ বিৰুদ্ধে ধুবুৰী জিলা পৰিবহণ বিভাগৰ অভিযান। অভিযানত আটক দুখনকৈ অভাৰলোড চাইভৰ্তি ডাম্পাৰ।

অভাৰলোড চাইভৰ্তি ডাম্পাৰ দুখনক ৮৮ হাজাৰ টকা জৰিমনা বিহালে পৰিবহণ বিভাগে। পৰিবহণ বিভাগৰ উমান পাই পলাই পত্ৰং অধিকাংশ চাইভৰ্তি অভাৰলোড ডাম্পাৰ(Chapar News)।

উল্লেখযোগ্য যে নিৰ্মিয়মান চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে ব্যৱহাৰ হৈ আছে‌ কোকৰাঝাৰ জিলাৰ NTPC ৰ চাই। কিন্তু চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যৱহাৰ কৰা NTPC ৰ চাইৰ নামত গঢ়ি উঠিছে এক বৃহৎ চিণ্ডিকেট! দিনে নিশাই শ শ অভাৰলোড চাইভৰ্তি ডাম্পাৰ কোকৰাঝাৰ জিলাৰ ঢলমাৰাৰ পৰা চাপৰৰ সোনামুখি আৰু টিলাপাৰাত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক :WATCH | Mahbubul Haque : শ্ৰীভূমি জিলা কাৰাগাৰলৈ প্ৰেৰণ USTM ৰ আচাৰ্য মহবুবুল হকক