Local, Vocal, Global

WATCH | Chapar News: চাপৰৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

চাপৰ,২২ফেব্ৰুৱাৰী : চাপৰৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি।

চাপৰত গুৱাহাটীৰ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা যুৱ কংগ্ৰেছীক আটক আৰক্ষীৰ।

তাৰ পিছত কংগ্ৰেছ কৰ্মী সকলে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে(Chapar News)।

কংগ্ৰেছ কৰ্মী সকলৰ অতি সোনকালে মুকলি কৰি দিয়াৰ বাবে দাবী জনাই কংগ্ৰেছ কৰ্মীসকলে।

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত থকা দোষীক কৰায়ত্ত কৰাৰ দাবীত যুৱ কংগ্ৰেছৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে ৰাওনা হোৱা কংগ্ৰেছ নেতা তথা কংগ্ৰেছ কৰ্মীক আটক আৰক্ষীৰ। মুঠ ১২ জনকৈ কংগ্ৰেছৰ কৰ্মীক আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰি অসম আৰক্ষীক বিজেপিৰ গুণ্ডা বাহিনী বুলি কঠাক্ষ কৰে কংগ্ৰেছে।

লগতে পঢ়ক:WATCH | Hajo News: কামৰূপ জিলা মীন বিভাগৰ প্ৰশংসনীয় প্ৰদক্ষেপ