Local, Vocal, Global

WATCH| Chapar News: চাপৰৰ শালকোচা আৰক্ষীৰ জালত ডকাইত

চাপৰ,ফেব্ৰুৱাৰী : চাপৰৰ শালকোচা আৰক্ষীৰ জালত ডকাইত।

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰা নিশাই শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃতিমান পাঠকৰ নেতৃত্বত যোৱা আৰক্ষী এটা দলে আটক কৰে আব্দুল কৰিম নামৰ ডকাইটোত।

উল্লেখ চাপৰৰ শালকোচা হাৰকাটাত যোৱা ১৮ নবেম্বৰ ২০২৪ ইং তাৰিখে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড(Chapar News)।

ময়নাল হকৰ ঘৰত পাতি লোৱা ভায়েকে নিচাজাতীয় দ্ৰব্য খুৱাই নিশা সংঘটিত কৰিছিল এই কাণ্ড ।

শালকোচা আৰক্ষী চকীত ভুক্তভোগীয়ে দাখিল কৰিছিল এজাহাৰ আৰু চাপৰ থানাৰ গোচৰ নং 188/2024 ৰুজু কৰিছিল গোচৰ ।

প্ৰায় তিনি মাহ পলাতকৰ পিছত অৱশেষত আৰক্ষীৰ জালত ডকাইতি কাণ্ড সংঘটিত কৰা মূল মাষ্টাৰ মাইণ্ড আব্দুল কৰিম।

ধৃত আব্দুল কৰিমৰ ঘৰ দক্ষিণ শালমাৰাত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক:WATCH| Goalpara News: গোৱালপাৰাৰ শ্ৰীশ্ৰী সূৰ্যপাহাৰত বিষ্ণু যজ্ঞসহ মেলা মহোৎসৱ