Local, Vocal, Global

Chapar Eviction: চাপৰৰ চিৰাকুটাত উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি

চাপৰ,৪আগষ্ট : চাপৰৰ চিৰাকুটাত উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি। নিজৰ সপোনৰ ঘৰ বাৰি ভাঙাৰ ফলত দুৰ্ভিক্ষ জীৱন নিৰ্বাহ কৰি আছে উচ্ছেদিত পৰিয়ালে। উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতি । উচ্ছেদিত পৰিয়ালৰ কাষত আজি উপস্থিত হয় ৰাইজৰ দলৰ যুৱ নেতা জামাল হক। জামাল হকে নিজৰ গাঁঠিৰ ধন ভাঙি উচ্ছেদিত প্ৰতিটো পৰিয়ালক চাউল, দালি, মিঠাতেল আৰু থকাৰ কাৰণে তিৰপাল বিতৰণ কৰে যুৱ নেতা গৰাকীয়ে(Chapar Eviction)।

উল্লেখ্য যে, যোৱা শুকুৰবাৰে বিলাসীপাৰা মহকুমাৰ চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত চিৰাকুটাৰ ৰাষ্ট্ৰীয় ঘাইপথত কাষত চাৰি লেন যুক্ত পথ নিৰ্মাণত ১৭ টাকৈ পৰিয়ালক উচ্ছেদ কৰিছিল প্ৰশাসনে। উচ্ছেদিত পৰিয়ালৰ কাষত ধুবুৰী জিলা “ৰাইজৰ দল”ৰ যুব নেতা জামাল হকে ধৰি এটি সজাতি দল উপস্থিত হয়। উপস্থিত হৈ পৰিস্থিতিৰয় বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী বিতৰণ কৰে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী বিভাগে উক্ত পথছোৱা চাৰি লেন যুক্ত পথ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰে। সেইমতে চাৰি লেন যুক্ত পথৰ বাবে প্ৰয়োজনীয় ভুমিৰ  জোখ-মাপলৈ  পথৰ কাষৰ ১৭ টাকৈ পৰিয়ালৰ ঘৰ-বাৰিত বুলড’জাৰ চলাই উচ্ছেদ কৰে।

জানিব পৰা মতে, বিগত ৫০ বছৰৰ পৰা অঞ্চলটোত   বসবাস  কৰি থকা আৰু বিভাগীয় ভাবে একচনা পট্টা লাভ কৰা,এনেকি ভুমিৰ খাজনা দি থকাৰ পিছতো পৰিয়াল বিলাকৰ আৱাসগৃহৰ উচ্ছেদ কৰাটো  চৰম অন্যায়  কৰা হৈছে বুলি উচ্ছেদ কৰা পৰিয়ালৰ লোক সকলে উদ্বেগ প্ৰকাশ কৰিছে। উচ্ছেদিত পৰিয়ালে   ক্ষতিপূৰণ বিচাৰি চৰকাৰলৈ কাতৰ  অনুৰোধ কৰিছে। উচ্ছেদ কৰা ১৭ টা পৰিয়ালক জামাল হকে নিজাববীয়াকৈ প্ৰতিটো পৰিয়ালক ২৫ কিলোগ্ৰামৰ এক বস্তাকৈ চাউল, দাইল, আলু, পিঁয়াজ, ত্ৰিপাল আদিৰে সাহায্য প্ৰদান কৰে। তেওঁৰ এই সহানুভূতিশীলতাত স্থানীয় ৰাইজে প্ৰশংসা কৰিছে(Chapar Eviction)।

লগতে পঢ়ক: Massive Eviction Drive in lanka railway station of Hojai : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ