Local, Vocal, Global

Chaos Unfolds On GS Road As Youths Engage In Violent Rampage : সুৰাৰ ৰাগীত মাতাল হৈ মহানগৰীৰ জি এছ ৰোডত এদল যুৱকৰ সন্ত্ৰাস

নিউজ ডেস্ক, ১৭ডিচেম্বৰ : মহানগৰীত নিশা একাংশ যুৱকৰ উদ্ভণ্ডালি । সুৰাৰ ৰাগীত মাতাল হৈ মহানগৰীৰ জি এছ ৰোডত এদল যুৱকে সৃষ্টি কৰে সন্ত্ৰাস ।

শনিবাৰে নিশা এদল যুৱকে ৰড, বাঁহ, কাঠৰ বাটাম লৈ মহানগৰীত জি এছ ৰোডত উদ্ভণ্ডালি। সুৰাৰ ৰাগীত মাতাল যুৱকৰ দল এটাই সৃষ্টি কৰে মাৰপিটৰ(Chaos Unfolds On GS Road As Youths Engage In Violent Rampage, Escapes Police Pursuit After Assaulting Bystanders) ।

জানিব পৰা মতে, কোনো কাৰণ নোহোৱাকৈয়ে সুৰাৰ ৰাগত মাতাল হৈ দলটোৱে প্ৰহাৰ কৰে এজন যুৱকক ।

উল্লেখ্য যে, শনিবাৰে নিশা বৰ্ষাপাৰা ষ্টেডিয়ামত বলিউডৰ জনপ্ৰিয় শিল্পী অৰিজিৎ সিঙৰ সংগীতানুষ্ঠান উপভোগ কৰি আহিছিল ভুক্তভোগী যুৱকজনে। তেনে সময়তে ধৃত যুৱকৰ দলটোৱে প্ৰহাৰ কৰি জি এছ ৰোডত পেলাই থৈ যায় যুৱকজনক(Chaos Unfolds On GS Road As Youths Engage In Violent Rampage) ।

ইপালে এই মাৰপিট কাণ্ডৰ সমগ্ৰ দৃশ্য চি চি কেমেৰাত বন্দীত হয় আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহে।

চিচি কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি ভুক্তভোগী যুৱকজনক মাৰপিট কৰি থাকোতে ঘটনাস্থলীলৈ আৰক্ষী অহাৰ উমান পাই ধৃত যুৱকৰ দলটোৱে পঞ্চম টাৱাৰৰ দিশে পলায়ন কৰে(Escapes Police Pursuit After Assaulting Bystanders)।

আনহাতে যুৱকৰ দলটোৰ দুগৰাকী সদস্যক পঞ্চম টাৱাৰ দিশে যোৱা দেখি আৰক্ষীয়ে পঞ্চম টাৱাৰলৈ যায়। কিন্তু ধৃত দুই যুৱকৰ দলটোৱে পলাই যাবলৈ সক্ষম হয়।

সম্প্ৰতি আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Israeli airstrike kills USAID contractor in Gaza : বৰ্তমানেও অব্যাহত আছে ইজৰাইল-হামাছৰ যুদ্ধৰ বিভীষিকা