Local, Vocal, Global

বিজেপিৰ বাতৰি প্ৰচাৰ নকৰিলে লাইচেঞ্চ বাতিল হ’ব চেনেলৰ!

ডিজিটেল ডেস্কঃ-টিভি চেনেলৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কঠোৰ নিৰ্দেশনা। প্ৰতিমাহে ১৫ ঘণ্টা ‘জাতীয়তাবাদী’ কন্টেন্ট অৰ্থাৎ ভাৰতীয় সভ্যতাৰ বাতৰি সম্প্ৰচাৰ কৰিব লাগিব। এই নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰই। অন্য অৰ্থত দেশৰ টেলিভিছন চেনেল পৰিচালনা কৰিব বিজেপি চৰকাৰে!

অহা মাৰ্চ মাহৰ প্ৰথম দিনাৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰে। যোৱা নৱেম্বৰ মাহত মোডী চৰকাৰে চেনেলসমূহক ৰাষ্ট্ৰীয় আৰু জনস্বাৰ্থৰ ‘কন্টেন্ট’ সম্প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছিল।

গাইডলাইনত উল্লেখ কৰা হৈছে যে প্ৰতিমাহে ১৫ ঘণ্টা ৰাষ্ট্ৰীয় আৰু জনস্বাৰ্থৰ বিষয়বস্তু সম্প্ৰচাৰ কৰাটো বাধ্যতামূলক। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অহা মাৰ্চ মাহৰ প্ৰথম দিনৰ পৰা সম্প্ৰচাৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত অহা মাৰ্চৰ পৰা প্ৰতিদিনে ৩০ মিনিটৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়বস্তু সম্প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

এই গাইডলাইনসমূহ মুঠ ৩৯টা ব্যক্তিগত চেনেল (টিভি চেনেল)লৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে এই সম্প্ৰচাৰ মাজনিশাৰ পৰা পিছদিনা পুৱা ৬ বজালৈ কৰিব নোৱাৰিব বুলি মন্ত্ৰালয়ে কৈছে।এই সম্প্ৰচাৰৰ বিষয়বস্তুৰ ৰেকৰ্ড ৯০ দিনৰ বাবে ৰাখিব লাগে।

ইয়াৰ লগতে সম্প্ৰচাৰকসকলক সম্প্ৰচাৰ সেৱা পৰ্টেলত অনলাইনযোগে মাহেকীয়া প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। এটা বা ততোধিক চেনেলত ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়সমূহ পুনৰ সম্প্ৰচাৰৰ অনুমতিও দিয়া হৈছে। আপলিংকিং আৰু ডাউনলিংকিং নীতি অনুসৰি আঠটা থিম নিৰ্বাচন কৰা হয়।

এই তালিকাত শিক্ষা আৰু সাক্ষৰতা, কৃষি আৰু গ্ৰাম্য উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, মহিলাৰ কল্যাণ, সমাজৰ দুৰ্বল শ্ৰেণীৰ কল্যাণ, পৰিৱেশ আৰু সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু জাতীয় সংহতি আদি বিষয়সমূহ সন্নিবিষ্ট কৰা হৈছে।

অৱশ্যে প্ৰয়োজনীয় বুলি বিবেচিত হ’লে বিষয়বস্তুৰ পৰিসৰ বৃদ্ধি কৰিব পৰা যাব বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জানিবলৈ দিয়ে। লগতে জল সংৰক্ষণ, দুৰ্যোগ ব্যৱস্থাপনা আদি বিষয়সমূহ বিষয়বস্তুত অন্তৰ্ভুক্ত কৰিব পৰা যায় বুলিও জনোৱা হৈছে।

মন্ত্ৰালয়ে ১২ ঘণ্টাৰো অধিক সময় ভক্তিমূলক, আধ্যাত্মিক বা যোগাসনৰ বিষয়বস্তু সম্প্ৰচাৰ কৰা চেনেলসমূহক মাহেকীয়া প্ৰতিবেদন দাখিলৰ পৰা ৰেহাই দিছে। যদি কোনো চেনেলে চৰকাৰী নীতি-নিৰ্দেশনা মানি নচলে তেন্তে ইয়াৰ ব্যাখ্যাও বিচৰা হ’ব। মন্ত্ৰালয়ে কিয় এই গাইডলাইনটো স্পষ্ট কৰি দিছে। তেওঁলোকৰ মতে আপলিংকিং আৰু ডাউনলোডৰ নিয়মত কোৱা হৈছে যে এয়াৰৱেভ বা ফ্ৰিকুৱেন্সি ৰাজহুৱা সম্পত্তি। সেয়েহে সেইবোৰক সমাজৰ সৰ্বোচ্চ স্বাৰ্থত ব্যৱহাৰ কৰাটো প্ৰয়োজন। সেয়েহে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনস্বাৰ্থৰ বিষয় সম্প্ৰচাৰ কৰাটো বাধ্যতামূলক বুলি বিবেচনা কৰে।

উল্লেখযোগ্য যে, যোৱা বছৰৰ ৯ নৱেম্বৰৰ পৰা চেনেলসমূহত ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত ৩০ মিনিটৰ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়াসকলে সেই সময়ত কৈছিল যে চেনেলসমূহক এনে বিষয়বস্তুৰ ধাৰণা আৰু প্ৰস্তুত কৰিবলৈ সময় দিয়া হ’ব।