Chandrayaan-3 landing : ইতিহাস ৰচিবলৈ গৈ আছে ভাৰতে; মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত

নেশ্যনেল ডেস্ক, ২৩আগষ্ট : মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত । সকলোৱে মাজত উৎকণ্ঠা । ইতিহাস ৰচিবলৈ গৈ আছে ভাৰতে । এক নতুন ইতিহাসৰ সাক্ষী হ’ব ভাৰত । আজি সন্ধিয়াই ISROএ ভাৰতৰ চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা । চন্দ্ৰযান-৩ ইতিমধ্যে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত উপনীত হৈছে (Chandrayaan-3 landing)।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ২৩ আগষ্ট অৰ্থাত আজি সন্ধিয়া ৬ বাজি ০৪ মিনিটত চন্দ্ৰপৃষ্ঠত ‘চন্দ্ৰযান-৩’ৰ অৱতৰণৰ সময় নিৰ্ধাৰণ কৰিছে । ৰাছিয়াৰ চন্দ্ৰ অভিযান ‘লুনা-২৫’ বিফল হোৱাৰ পিছত সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ ‘চন্দ্ৰযান-৩’ ৰ ওপৰত। সকলো সুকলমে থাকিলে আজি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব লেণ্ডাৰ বিক্ৰমে(Chandrayaan 3 soft landing on Moon at 6.04pm after crucial vertical turn)।
চন্দ্ৰযান–৩ৰ সফলতা নিৰ্ভৰ কৰিছে ১৫ মিনিটৰ ভিতৰত। কাৰণ, এই সময়খিনিত প্ৰযুক্তিগতভাৱে গতি নিয়ন্ত্ৰণ কৰি ছফ্ট লেণ্ডিঙৰ চেষ্টা কৰিব লেণ্ডাৰ ‘বিক্ৰম’–এ।
ইতিমধ্যে চন্দ্ৰৰ কক্ষপথত দ্বিতীয় আৰু অন্তিম ডিবুষ্টিং প্ৰক্ৰিয়া সম্পন্ন কৰিছে চন্দ্ৰযান–৩য়ে। চন্দ্ৰপৃষ্ঠৰ পৰা লেণ্ডাৰ বিক্ৰমে যেতিয়া ৩০ কিলোমিটাৰ দূৰত্বত থাকিব, তেতিয়া এক ‘ৰাফ ব্ৰেকিং ফেজ’ৰ মাজেৰে যাব। যি সময়ত বিক্ৰমৰ গতিবেগ ঘণ্টাত ৬০০০ কিলোমিটাৰৰ পৰা শূন্যত উপনীত হ’ব।
এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন হ’ব এআই ছিষ্টেমৰ জৰিয়তে যিটো ‘লেণ্ডাৰ বিক্ৰম’ত সংযুক্ত হৈ আছে । প্ৰণালীটোৱে চন্দ্ৰপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ উচ্চতাৰ পৰা ৭.৪২ কিলোমিটাৰ উচ্চতালৈ গণনা কৰি লেণ্ডাৰৰ গতি হ্ৰাস কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াটো সমাপন হ’ব ১০ মিনিটৰ ভিতৰত। ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বিজ্ঞানীসকলে। সেয়া স্বয়ংক্ৰিয় প্ৰক্ৰিয়াৰে হ’ব।
অৱতৰণৰ সময়ত যন্ত্ৰযান–৩ৰ গতিবেগ হ’ব সৰ্বোচ্চ ১০.৮ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা ৭.২ কিলোমিটাৰ প্ৰতিঘণ্টা। ইয়াৰ উপৰি নিজৰ অৰিয়েণ্টেচনো ৯০ ডিগ্ৰী সলনি কৰিব লেণ্ডাৰে। তাৰ পিছত উলম্বভাৱে নামিব চন্দ্ৰপৃষ্ঠত।
লগতে পঢ়ক :Chandrayaan-3 landing:মাজত মাত্ৰ কেইটামান মুহূৰ্ত;এক নতুন ইতিহাসৰ সাক্ষী হ’ব ভাৰত