Local, Vocal, Global

Chandrababu Naidu takes oath as CM for 4th term : চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে চন্দ্ৰবাবু নাইডুৱে

নিউজ ডেস্ক,১২জুন : আজি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে চন্দ্ৰবাবু নাইডুৱে ৷ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰিলে নাইডুৱে।

আজি নাইডুৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ লগতে আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী ।

ইফালে টিডিপিৰ মুৰব্বীগৰাকীৰ শপত গ্ৰহণ অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ গৱৰ্ণৰ এছ আব্দুল নাজীৰ, তেলেংগানাৰ প্ৰাক্তন গৱৰ্ণৰ তামিলিছাই সৌন্দৰ্যৰাজন, নাইডুৰ পুত্ৰ তথা টিডিপিৰ সাধাৰণ সম্পাদক নাৰা লোকেশ, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু, অভিনেতা চিৰঞ্জীৱী, ৰজনীকান্ত, নন্দমুৰি বালকৃষ্ণ উপস্থিত থাকে (Chandrababu Naidu takes oath as CM for 4th term)।

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিচত নাইডুৱে মঞ্চত প্ৰধানমন্ত্ৰী মোদীক আলিংগন কৰে ।

লগতে পঢ়ক : Lt. Gen. Upendra Dwivedi to be next Army chief : দেশৰ সেনাৰ পৰৱৰ্তী মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী