Local, Vocal, Global

Champai Soren meets Amit Shah in Delhi : ৩০ আগষ্টত বিজেপিত যোগদান কৰিব ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেণ

নিউজ ডেস্ক,২৭আগষ্ট : ঝাৰখণ্ড মুক্তি মৰ্চাৰ জ্যেষ্ঠ নেতা চম্পাই ছোৰেনে অহা ৩০ আগষ্টত বিজেপিত যোগদান কৰিব(Champai Soren meets Amit Shah in Delhi)। ২৬ আগষ্টৰ সন্ধিয়া দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ মিলিত হয় ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই চোৰেণৰ ।

এই বৈঠকত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ উপৰি চম্পাই ছোৰেনৰ পুত্র বাবুলাল ছোৰেনো উপস্থিত থাকে ৷ এই বৈঠকতে সিদ্ধান্ত লয় মন্ত্ৰীগৰাকীয়ে । এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Champai Soren To Join BJP On Friday, Confirms Himanta Biswa Sarma)।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াত এই সাক্ষাতকাৰৰ ফটো প্রকাশ কৰি বিগত কেইবাদিনো চলি থকা ৰাজনৈতিক জল্পনা-কল্পনাৰ অন্ত পেলায়৷

চম্পাই ছোৰেনৰ বিজেপিত যোগদান ঝাৰখণ্ড মুক্তি মৰ্চা আৰু ইণ্ডি এলায়েন্সৰ বাবে এক ডাঙৰ ৰাজনৈতিক বিপৰ্যয় হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : Manipur Police Arrest Three Kanglei Yawol Kanna Lup Cadres for Extortion Activities : মণিপুৰত গ্ৰেপ্তাৰ তিনিজন উগ্ৰপন্থীক