Local, Vocal, Global

CGPD team from Chandmari PS Arrested Drug peddlers : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ নগদ ধন

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ । জব্দ বৃহৎ পৰিমাণৰ নগদ ধনসহ আটক তিনিজনকৈ লোক(CGPD team from Chandmari PS Arrested Drug peddlers) ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested) ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায়।(Drugs peddler Arrested in Guwahati )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই( CGPD team from Chandmari PS Arrested 2 drug peddlers )।

মহানগৰীত নিতৌ সৰবৰাহ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ । নিতৌ আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহ হৈ আছে নিচাজাতীয় সামগ্ৰীৰ ।

এইবাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত জব্দ বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰসহ নগদ ধন ।

উল্লেখ্যে যে, শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা এক অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ব্ৰাউন চুগাৰসহ নগদ ধন । শনিবাৰে সন্ধিয়া মহানগৰীৰ চানমাৰি আৰক্ষীয়ে অনুৰাধা চিনেমা হলৰ কাষত অভিযান চলাই এই সফলতা লাভ কৰে। আৰক্ষীয়ে অভিযানত ব্ৰাউন চুগাৰৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধন। জানিব পৰা মতে, আৰক্ষীয়ে জব্দ কৰা ধনত ৫০০, ২০০, ১০০, ৫০ আৰু ১০ টকীয়া এই নোট আছিলে আৰু ইয়াৰ সৰ্বমুঠ পৰিমাণ ৩ লাখা ৩০ হাজাৰ ৫৫০ টকা।

আনহাতে আৰক্ষীয়ে এই নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অপৰাধাত তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : Illegal Saw Mills Raids : অবৈধ কাঠমিলৰ বিৰুদ্ধে তামুলপুৰত বন বিভাগৰ অভিযান