Parliament special session : সংসদৰ বিশেষ অধিৱেশনত ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ৭৫ বছৰীয়া বৰ্ণিল যাত্ৰা ৰোমন্থন কৰা হ’ব
নেশ্যনেল ডেস্ক, ১৪ছেপ্টেম্বৰ : সকলোৰে জল্পনা-কল্পনাৰ অন্ত পেলায় বুধবাৰে ঘোষণা কৰা হল সংসদৰ ৫ দিনীয়া বিশেষ অধিৱেশনৰ এজেণ্ডা(Parliament special session) । অহা সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ পাঁচদিনীয়া অধিৱেশনত সংসদৰ ৭৫ বছৰীয়া ইতিহাস সন্দৰ্ভত আলোচনা কৰা হ’ব(Centre Releases Agenda Of Parliament Special Session Starting Monday) ।
উল্লেখ্য যে, ১৮ ছেপ্তেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে নৱনিৰ্মিত ভৱনত সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হ’ব। ১৮ ছেপ্টেম্বৰত অৰ্থাত প্ৰথম দিনাই “সম্বিধান সভাৰ পৰা আৰম্ভ কৰি ৭৫ বছৰীয়া সংসদীয় যাত্ৰা, কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ” শীৰ্ষক আলোচনা অনুষ্ঠিত হ’ব।
ইয়াৰ লগতে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তিৰ সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, দ্য এডভোকেটছ (সংশোধনী) বিল; 2023, দ্য প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অৱ পেৰিঅ’ডিকেলছ বিল; 2023, অফিচ বিল; 2023 আৰু দ্য পোষ্ট আদি বিধেয়ক তালিকাভুক্ত কৰা হৈছে বিশেষ অধিৱেশনৰ বাবে । আনহাতে তিনিখন বিধেয়কো আলোচনাৰ পিছত গৃহীত কৰিবলৈ সদনৰ মজিয়াত উত্থাপন হ’ব। ইয়াৰে এখন বিধেয়ক মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসমূহৰ নিযুক্তি সম্বন্ধীয়(Centre releases agenda for Special Session of Parliament)।
জানিব পৰা মতে এই অধিৱেশনত ‘এক জাতি, এক নিৰ্বাচন’, ইউনিফৰ্ম চিভিল কোড (ইউচিচি) আৰু মহিলা সংৰক্ষণ প্ৰৱৰ্তনৰ বাবে বিধেয়ক আনিব পাৰে।
উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়ুক্তৰ নিযুক্তি ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী, বিৰোধী দলপতি আৰু ভাৰতৰ মুখ্য ন্যায়াধীশেৰে গঠিত কমিটিৰ পৰামৰ্শ মৰ্মে কৰাৰ ৰায় প্ৰদান কৰিছিল। সেই ৰায়ত উচ্চতম ন্যায়ালয়ে লগতে কৈছিল ৰায়টো তেতিয়ালৈ প্ৰযোজ্য হৈ থাকিব যেতিয়ালৈ সংসদে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত আইন প্ৰণয়ন নকৰে ।
এইবাৰ উত্থাপন হ’বলগীয়া বিধেয়ক কেইখন হৈছে The Advocate (Amendment) Bill 2023, The Post Office Bill 2023 আৰু The Chief Election Commissioner and Other Election Commissioners (Appointment, Conditions of Service and Terms of Office) Bill 2023 । অৱশ্যে লোকসভা আৰু ৰাজ্যসভাৰ বুলেটিনত প্ৰকাশ পোৱা তালিকা চূড়ান্ত নহয় আৰু প্ৰয়োজন সাপেক্ষে পৰিৱৰ্তন হ’ব পাৰে । কিন্তু উচ্চতম আদালতে নিজৰ ৰায়দানত ৰায় দিছিল যে সংসদে আইন প্ৰণয়ন নকৰালৈকে এই পদ্ধতি চলি থাকিব(4 bills in government’s tentative list for Parliament special session) ।
লগতে পঢ়ক :Assam Legislative Assembly : আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ চতুৰ্থ দিন