Local, Vocal, Global

Centre-Farmers to hold 4th round of talks today : আজি কৃষক সংগঠন আৰু চৰকাৰৰ মাজত চতুৰ্থ পৰ্যায়ৰ আলোচনা

নেশ্যনেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী : আজি কৃষক আন্দোলনৰ সমাপ্তিৰ বাবে চণ্ডিগড়ত কেন্দ্ৰীয় মন্ত্ৰী আৰু কৃষক নেতাসকলৰ মাজত চতুৰ্থখন বৈঠক অনুষ্ঠিত হ’ব । আজি বিয়লি ৬ বজাত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ বৈঠক (Fourth round of talks between Centre-farmers to take place on today)।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ১৫ ফেব্ৰুৱাৰীত চণ্ডিগড়ত কৃষক নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ মাজত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ আলোচনাও অমিমাংসিত হৈ আছিল । ইয়াত, চৰকাৰে এমএছপিৰ ওপৰত আইন প্ৰস্তুত কৰাৰ বাবে এখন সমিতি গঠন কৰাৰ প্ৰস্তাৱ দিছে ।

য’ত কৃষক আৰু চৰকাৰ দুয়োৰে প্ৰতিনিধি থাকিব । অৱশ্যে, কৃষক নেতাসকলে নিম্নতম সমৰ্থন মূল্যৰ গেৰাণ্টিৰ বিষয়ে অটল আছিল । বৈঠকত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, পীয়ুষ গোৱেল, নিত্যানন্দ ৰয়ও উপস্থিত থাকিব ।

দিল্লীলৈ কৃষকৰ পদযাত্ৰাৰ বাবে আম্বালাৰ শম্ভু সীমান্তত উত্তেজনা সৃষ্টি হোৱাৰ বিপৰীতে কৃষক নেতাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকলে কথা পাতি উক্ত বিষয়টো সমাধানৰ বাবে প্ৰচেষ্টা চলাইছে । ইতিমধ্যে তিনিটা পৰ্যায়ত বৈঠক সমাপন হৈছে ৷ তথাপিও এই সমস্যাটো এতিয়াও সমাধান হোৱা নাই ।

এনে পৰিস্থিতিত দেওবাৰে অৰ্থাৎ আজি চতুৰ্থ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব ৷ আশা কৰা হৈছে যে এই বৈঠকত হয়তো কৃষক নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী- দুয়োটা পক্ষ একেটা মততে উপনীত হ’ব ৷ ফলত সমস্যাটোৰ সম্ভৱত এটা সমাধান হ’ব( Centre-Farmers to hold 4th round of talks today) ।

লগতে পঢ়ক : Delhi’s Alipur fire probe : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ; মৃত্যু ১১ জনৰ, গ্ৰেপ্তাৰ অখিল জৈন আৰু ৰাজৰাণীক