Local, Vocal, Global

Centre extends AFSPA in several districts of Nagaland for another six months : নাগালেণ্ডত ছমাহৰ বাবে AFSPAৰ সময়সীমা বৃদ্ধি

নিউজ ডেস্ক,২৮মাৰ্চ : কেন্দ্ৰীয় চৰকাৰে আগন্তুক ৬ মাহৰ বাবে নাগালেণ্ডৰ ৮ খন জিলা আৰু ৫ খন জিলাৰ আৰক্ষী থানাক অশান্ত বুলি ঘোষণা কৰি AFSPA (Armed Forces Special Powers Act)ৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বিষয়ে বুধবাৰে চৰকাৰে এক অধিসূচনা জাৰি কৰে।

এই অঞ্চলসমূহক এই বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহৰ বাবে ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰি AFSPAৰ ম্যাদ সম্প্ৰসাৰণ কৰিছে । যদিহে আগতে প্ৰত্যাহাৰ কৰা নহয় তেন্তে ছমাহৰ বাবে এই অঞ্চলত AFSPA বলৱৎ হৈ থাকিব (Centre extends AFSPA in 8 districts, 21 police stations of Nagaland for 6 months declaring them as ‘disturbed area’)।

গৃহ মন্ত্ৰণালয়ে এক জাননীৰ জৰিয়তে ঘোষণা কৰে যে নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, সোম, কিফিৰে, নকলাক, ফেক আৰু পেৰেন জিলাত অহা ছমাহৰ বাবে AFSPA ৰ ম্যাদ সম্প্ৰসাৰণ কৰা হৈছে ।

ইয়াৰ উপৰিও, নাগালেণ্ডৰ পাঁচখন জিলাৰ ২১ খন আৰক্ষী থানাৰ অধীনত থকা অঞ্চলবোৰতো AFSPA সম্প্ৰসাৰণ কৰা হৈছে । জুনহেবোটো আৰু মোকোকচুং জিলাৰ ছখনকৈ আৰক্ষী থানা; কোহিমাৰ পাঁচখন আৰক্ষী থানা; ওখাত তিনিখন আৰক্ষী থানা আৰু লংলেং জিলাৰ য়াংলোক আৰক্ষী থানাৰ অধীনৰ অঞ্চল সমূহত ছমাহৰ বাবে AFSPA ৰ ম্যাদ সম্প্ৰসাৰণ কৰা হৈছে ।

এই ২১ খন আৰক্ষী থানাৰ ভিতৰত আছে কোহিমা জিলাৰ খুজামা, কোহিমা উত্তৰ, কোহিমা দক্ষিণ, জুবজা আৰু কেজোচা আৰক্ষী থানা; মকোকচুং জিলাৰ মাংকোকোলেম্বা, মকোকচুং-১, লংথো, টুলি, লংচেম আৰু আনাকী ‘চি’ আৰক্ষী থানা; লংলেং জিলাৰ য়াংলোক আৰক্ষী থানা; ওখা জিলাৰ ভাণ্ডাৰী, চম্পাং, ৰালান আৰক্ষী থানা; আৰু জুনহেবোটো জিলাৰ ঘাটাশী, পুঘোবোটো, সাতাখা, সুৰুহুটো, জুনহেবোটো আৰু আঘুনাটো আৰক্ষী থানা(Centre extends AFSPA in several districts of Nagaland for another six months)।

নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, সোম, কিফিৰে, নকলাক, ফেক, পেৰেন জিলা আৰু কোহিমা জিলাৰ খুজামা, কোহিমা উত্তৰ, কোহিমা দক্ষিণ, জুবজা আৰু কোহিমা জিলাৰ কেজোচা আৰক্ষী থানা; মকোকোকচুং জিলাৰ মাংকোকোলেম্বা, মকোকচুং-১, লংথো, টুলি, লংকেম আৰু আনাকী ‘চি’ আৰক্ষী থানা; লংলেং জিলাৰ য়াংলোক আৰক্ষী থানা; ওখা জিলাৰ ভাণ্ডাৰী, চম্পাং আৰু ৰালান আৰক্ষী থানা; জুনহেবোটো জিলাৰ ঘাটাশী, পুঘোবোটো, সাতাখা, সুৰুহুটো, জুনহেবোটো আৰু আঘুনাটো আৰক্ষী থানাসমূহক সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, 1958ৰ ধাৰা 3-ৰ অধীনত 1 এপ্ৰিল, 2024 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ‘অশান্ত অশান্ত’ হিচাপে ঘোষণা কৰা হয় । গতিকে এই অঞ্চলসমূহত পৰৱৰ্তী অধিসূচনা জাৰী নকৰা পৰ্যন্ত AFSPA কাৰ্যকৰী হৈ থাকিব ।

নগালেণ্ডৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ অধিক পৰ্যালোচনাৰ পাছতে কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ (১৯৫৮ চনৰ ২৮) ধাৰা ৩ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি নাগালেণ্ড ৰাজ্যৰ আন আঠখন জিলা আৰু পাঁচখন জিলাৰ ২১খন থানাক ‘অশান্ত এলেকা’ বুলি ঘোষণা কৰি ছমাহৰ বাবে ১ অক্টোবৰ, ২০২৩ৰ পৰা কাৰ্যকৰী হোৱাকৈ AFSPA বলৱৎ কৰিছিল ।

AFSPA ই নিৰাপত্তা বাহিনীক ৱাৰেণ্ট অবিহনে কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ, ৱাৰেণ্ট অবিহনে চৌহদত প্ৰৱেশ বা তালাচীৰ লগতে আন কিছুমান কাৰ্য্যৰ ক্ষমতা প্ৰদান কৰে ।

লগতে পঢ়ক :Guwahati Gulps Alcohol Worth Over Rs 11 Cr In 2 Days Of Holi : ফাকুৱাৰ দুটা দিনত গুৱাহাটী মহানগৰীত ১১ কোটি ৮ লাখ টকাৰ সুৰা বিক্ৰী