Centre announces Unified Pension Scheme : কৰ্মচাৰীসকলৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে;নতুন পেঞ্চন আঁচনিৰ সুবিধাসমূহ কি কি?

নিউজ ডেস্ক,২৫আগষ্ট : কৰ্মচাৰীসকলৰ বাবে আশাৰ খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তনৰ বাবে অনুমোদন জনোৱাৰ কথা উল্লেখ কৰে।শনিবাৰে India Nকেন্দ্ৰীয় কেবিনেটে সংযুক্ত পেঞ্চন আঁচনিত অনুমোদন জনাই(Centre announces Unified Pension Scheme)।
এই আঁচনিয়ে প্ৰায় ২৩ লাখ চৰকাৰী কৰ্মচাৰীক লাভান্বিত কৰিব আৰু OPSৰ বিকল্প হিচাপে কাম কৰিব।
বৈঠকত অধ্যক্ষতা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক্স’ত পোষ্ট কৰি কয়, ‘এই পেঞ্চন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণ আৰু সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ মৰ্যাদা আৰু বিত্তীয় সুৰক্ষা নিশ্চিত কৰিব।’’
শনিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত ইউপিএছৰ লক্ষ্য হৈছে নিশ্চিত পেঞ্চন, পাৰিবাৰিক পেঞ্চন প্ৰদান কৰা আৰু চৰকাৰী কৰ্মচাৰীসকলক নিম্নতম পেঞ্চন প্ৰদান কৰা। প্ৰথম বছৰত আঁচনিখন ৰূপায়ণৰ বাবে ৬২৫০ কোটি টকা ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে। UPS ২০০৪ চনৰ পৰা NPSৰ অধীনত অৱসৰ গ্ৰহণ কৰা সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ’ব।
নিম্নতম ২৫ বছৰ চাকৰি সম্পূৰ্ণ কৰা লোকসকলৰ বাবে আঁচনিখনে অৱসৰৰ আগৰ যোৱা ১২ মাহৰ Average basic salaryৰ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰীৰ বাবে পেঞ্চন হিচাপে নিশ্চিত কৰিব। ই নিম্নতম ১০ বছৰৰ সেৱালৈকে কম সেৱাৰ ম্যাদৰ বাবে সমানুপাতিক হ’ব। একেদৰে, এই আঁচনিৰ অধীনত পেঞ্চনাৰৰ পৰিয়ালে তেওঁলোকৰ মৃত্যুৰ সময়ত লাভ কৰা পেঞ্চনৰ ৬০ শতাংশ লাভ কৰিব। লগতে, আঁচনিখনে নিম্নতম ১০ বছৰৰ চাকৰিৰ পাছত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৱসৰৰ পাছত প্ৰতি মাহে ১০,০০০ টকাকৈ প্ৰদান কৰাৰ আশ্বাস দিয়ে(Unified Pension Scheme approved by PM Modi-led Cabinet)।
কেন্দ্ৰৰ এই নতুন আঁচনিখন ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব। যিসকল অৱসৰপ্ৰাপ্ত বা ২০২৫ৰ ৩১ মাৰ্চলৈকে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোক সকলো বকেয়াৰ বাবে যোগ্য বিবেচিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা যুটীয়া কৰ্মচাৰী সংগঠনক সাক্ষাৎ কৰে আৰু তাৰ পাছত ‘এক্স’ত কয়, ‘‘কেন্দ্ৰীয় চৰকাৰৰ Joint Consultative Machineryৰ কৰ্মচাৰীৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। তেওঁলোকে নতুন পেঞ্চন আঁচনি সন্দৰ্ভত কেবিনেটৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰে।’’