Watch | Celebrating the Sri Sri Mahavishnu Yajna Festival in rangia: ৰঙিয়া বিছেন্নালা শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মন্দিৰত ৭৬ তম শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱ উৎযাপন
ৰঙিয়া: ৰঙিয়া বিছেন্নালা শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মন্দিৰত হিতসাধিনী সংঘৰ সৌজ্যনত ৭৬ তম শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱ উৎযাপন। যোৱা ৫ মাৰ্চৰ পৰা ১৪মাৰ্চলৈ দহদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উৎযাপন কৰা হৈছে শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ। প্ৰথম দিনা শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞৰ দ্বাৰ উন্মোচন কৰে ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাই। লগতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক অনন্ত ডেকা আৰু বহুকেইজন গণ্য মান্য ব্যাক্তি। ইয়াৰ পিছতে আৰম্ভ হয় মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ বিভিন্ন কাৰ্য্যসূচী। উল্লেখ যোগ্য যে এই যজ্ঞ মহোৎসৱৰ মাহত্ব অনেক। লোকবিশ্বাস অনুসৰি যি সকল ভক্তই নিজৰ সিদ্ধি পূৰণাৰ্থে চাকি বন্তি জ্বলাই আহিছে এই শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱত আজিলৈ সেই সকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্চা পূৰ্ণ হৈ আহিছে আৰু সেয়ে শেষৰ দিনা অৰ্থাৎ পূৰ্ণ আহুতিৰ দিনা অসমৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে এই শ্ৰীশ্ৰীমহাবিষ্ণু যজ্ঞ মহোৎসৱলৈ।